ETV Bharat / state

বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বালি - Assam forest department

বালি ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হাইলাকান্দি বন বিভাগৰ ৷ বিভাগে অভিযান চলাই জব্দ কৰে লক্ষাধিক মূল্যৰ বালিৰ লগতে বালি কঢ়িওৱা এটা যন্ত্ৰ ৷

Sand machine seized at hailakandi assam etv bharat news
লক্ষাধিক মূল্যৰ বালি জব্দ
author img

By

Published : Dec 28, 2020, 2:23 PM IST

Updated : Dec 28, 2020, 2:43 PM IST

হাইলাকান্দি, 28 ডিচেম্বৰ : হাইলাকান্দিত বালি ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে বন বিভাগে ৷ শেহতীয়াকৈ বিভাগটোৱে বালি মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে প্ৰায় লক্ষাধিক মূল্যৰ বালিৰ লগতে বালি কঢ়িওৱা এটা যন্ত্ৰ ৷ জানিব পৰা মতে, জিলাখনৰ মাটিজুৰি অঞ্চলৰ কাটাখাল নৈৰ সমীপত দীৰ্ঘদিনৰ পৰা চলি আহিছিল বালিৰ অবৈধ ব্যৱসায় ৷

হাইলাকান্দিত বন বিভাগৰ অভিযান

গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগ উপস্থিত হয় আফজল হুছেইন বৰভূঞা নামৰ বালি ব্যৱসায়ীগৰাকীৰ বালি মহলত ৷ উক্ত মহলৰ পৰা বিভাগটোৰ অভিযানকাৰী দলে জব্দ কৰে এই লক্ষাধিক মূল্যৰ বালিৰ লগতে ডেৰ লক্ষাধিক মূল্যৰ বালি কঢ়িওৱা এটি যন্ত্ৰ ৷ বিগত কেইবাদিনৰ পৰা জিলাখনৰ ভিন্ন স্থানত চলি আহিছে অবৈধ বালি আৰু শিলৰ ব্যৱসায় ৷ এই অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ উক্ত অভিযোগৰ ভিত্তিতে বন বিভাগে চলাইছিল অভিযান ৷

লগতে চাওকঃ আজিৰে পৰা শোণিতপুৰত কৰ’ণা প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ

Last Updated : Dec 28, 2020, 2:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.