ETV Bharat / state

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উতপ্ত পাথাৰকান্দি - আশ্বাস প্ৰদান কৰে প্ৰতিবাদকাৰীক

গৌতম সিনহা নামৰ পঞ্চাশ বছৰীয়া এগৰাকী চাইকেল আৰোহীক দ্ৰুতবেগী AS-10-C-2529 নম্বৰৰ এখন ডাম্পাৰ গাড়ীয়ে খুন্দিয়াই পেলাই থৈ যায় । তাৰ পাচতে আহত লোকজনৰ পৰিয়ালৰ ফালৰ পৰা পাথাৰকান্দি আৰক্ষী থানাত বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। কিন্তু ৰহস্য জনকভাৱে আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে ৰাইজে প্ৰায় দুঘন্টাৰ অধিক সময় ধৰি পাথাৰকান্দিত অসম- ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷

rode-block-hailakandi-public-reson-one-accident
পথ দুৰ্ঘটনাক কেন্দ্ৰকৰি উতপ্ত পাথাৰকান্দি
author img

By

Published : Nov 11, 2020, 8:57 PM IST

হাইলাকান্দি, 11 নৱেম্বৰঃ এটা পথ দুৰ্ঘটনাত আৰক্ষীৰ ভূমিকাক লৈ ন্যায় বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে পাথাৰকান্দি চহৰৰ একাংশ উত্তেজিত ৰাইজে । উল্লেখযোগ্য যে, মূল ঘটনাতো সংঘটিত হৈছিল মঙলবাৰে দিনৰ ভাগত । গৌতম সিনহা নামৰ পঞ্চাশ বছৰীয়া এগৰাকী চাইকেল আৰোহীক দ্ৰুতবেগী AS-10-C-2529 নম্বৰৰ এখন ডাম্পাৰ গাড়ীয়ে খুন্দিয়াই পেলাই থৈ যায় ।

তাৰ পাচতে আহত লোকজনৰ পৰিয়ালৰ ফালৰ পৰা পাথাৰকান্দি আৰক্ষী থানাত বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। কিন্তু ৰহস্য জনকভাৱে আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে ৰাইজে প্ৰায় দুঘন্টাৰ অধিক সময় ধৰি পাথাৰকান্দিত অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে ৷

অবশেষত ৰাইজৰ প্ৰতিবাদত সেও মানি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ জব্দ কৰাৰ লগতে আগন্তুক 24 ঘন্টাৰ ভিতৰত বিষয়টো সমাধানৰ আশ্বাস প্ৰদান কৰে প্ৰতিবাদকাৰীক ৷ আনহাতে দুৰ্ঘটনাত আহত গৌতম সিনহা নামৰ ব্যক্তিজনৰ উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰিছিল যদিও তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসকে ।

লগতে পঢ়কঃ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ নৱতম গ্ৰন্থ “মুখ্যমন্ত্ৰিত্বৰ ভয়” উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.