হাইলাকান্দি, 11 ফেব্ৰুৱাৰী : অখিল গগৈৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে হাইলাকান্দি জিলাৰ লালা চন্দ্ৰপুৰত ৰাইজৰ দলৰ এক বিশাল কৰ্মীসভা আয়োজন কৰা হয় ৷ উক্ত সভাতে হাইলাকন্দি জিলাৰ ৰাইজৰ দলৰ নেতৃত্বই কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবী উত্থাপন কৰে ৷
ইফালে, সভাস্থলীৰ পৰাই ৰাইজৰ দলৰ হাইলাকান্দিৰ জিলা সমিতিয়ে এক বিশাল সমদল উলিয়াই ৷ উক্ত সমদলটো লালা চন্দ্ৰপুৰৰ পৰা লালা শহৰত অন্ত পৰে ৷ সমদল কৰা সময়তে ৰাইজৰ দলৰ কৰ্মীসকলে অখিল গগৈক মুক্তি দিয়ক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাৰ্দ, অসম চৰকাৰ হায় হায় আদি শ্ল'গানেৰে কৃষক নেতা মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷