হাইলাকান্দি, 24মেঃ হাইলাকান্দিৰ কোৱাৰেন্টাইন কেন্দ্ৰত চলিছে চৰম অৰাজকতা ৷ খাদ্যৰ নামত অপুষ্টিকৰ খাদ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ৷ পানীৰ টেংকিত দেখা গৈছে বিষাক্ত জেঁঠী আৰু সেই পানীয়ে খাবলৈ দিয়া হয় বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইনত থকা লোকসকলক । হাইলাকান্দি জিলাৰ মনাছেড়া অঞ্চলত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত থকা কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হৈছে এই ঘটনা ।
বেংগালৰুৰ পৰা অহা কাছিম লস্কৰ নামৰ এগৰাকী যুৱকে ফে‘চবুকযোগে ভাইৰেল কৰিছে কোৱাৰেন্টাইন কেন্দ্ৰৰ ভিতৰৰ এই দৃশ্য । আনহাতে চৰকাৰে লাখ লাখ টকা দিয়াৰ পিছতো হাইলাকান্দি জিলা প্ৰশাসনে অতি নিম্নমানৰ খাদ্য যোগান দিয়াৰ অভিযোগ উত্থাপন কৰিছে এইজন যুৱকে ।
লগতে পঢ়কঃ ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ