ETV Bharat / state

হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজৰ আমৰণ অনশন

শুকুৰবাৰে আমৰণ অনশনত বহিল হাইলাকান্দিৰ ৰাইজ ৷ 6 নং বিধানসভাৰ মধ্য হাইলাকান্দি সমষ্টিৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত অনশন ৰাইজৰ ৷

author img

By

Published : Feb 19, 2021, 9:39 PM IST

hailakandi
হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজৰ আমৰণ অনশন

হাইলাকান্দি, 19 ফেব্ৰুৱাৰী : উন্নয়নৰ জয়গান গোৱা এজন বিধায়কৰ সমষ্টিত পথ নিৰ্মাণৰ দাবীত অনশনত বহিল স্থানীয় ৰাইজ ৷ এই সমষ্টিটো হৈছে হাইলাকান্দি জিলাৰ 6 নং বিধানসভাৰ মধ্য হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইনৰ সমষ্টি ৷ বিগত বহুদিন ধৰি হাইলাকান্দি জিলাৰ লালাঘাট অঞ্চলৰ স্থানীয় ৰাইজক বিধায়ক হুছেইনে প্ৰতিশ্ৰুতি দিছিল যে, নিৰ্বাচনত জয়ী হ'লে পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব ৷ কিন্তু বিধায়কৰ কাৰ্যকাল শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে যদিও বৰ্তমানলৈকে নিৰ্মাণ হোৱা নাই এই গড়কপ্তানী পথটো ৷

সেয়েহে উপায়ন্তৰ হৈ স্থানীয় ৰাইজে শুকুৰবাৰে আমৰণ অনশনত বহে ৷ শুকুৰবাৰে পুৱা 10 বজাৰ পৰা পথৰ দাঁতিত অনশনত বহে স্থানীয় ৰাইজ ৷ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, লালাঘাট অঞ্চলৰ হাজাৰ হাজাৰ স্থানীয় ৰাইজ এই জৰাজীৰ্ণ পথৰ বাবে সমস্যাত ভুগি আহিছে ৷ লালা চহৰৰ সৈতে সংযোগী একমাত্ৰ পথটোৱেই হৈছে এই লালাঘাট গড়কাপ্তানী পথটো ৷ কিন্তু এই পথটো জৰাজীৰ্ণ হোৱাৰ বাবে পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ অসম চৰকাৰ হায় হায়, বিধায়ক আনোৱাৰ হুছেইন লস্কৰ মুৰ্দাবাদ, গড়কাপ্তানী বিভাগ মুৰ্দাবাদ আদি শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

লালাঘাট অঞ্চলৰ এই গড়কাপ্তানী পথটো প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ লগত অন্তৰ্ভুক্ত কৰি অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ কৰি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে ৷ অনথ্যা অহা 2021 ৰ বিধানসভা নিৰ্বাচন বয়কট কৰাৰ লগতে ৰাজনৈতিক দলৰ নেতাক এই অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.