ETV Bharat / state

হাইলাকান্দিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত অনিয়মৰ অভিযোগ ৰাইজৰ - বানপানী

হাইলাকান্দিত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ । জিলা প্ৰশাসনৰ গাফিলতিৰ কাৰণে বানপানীত ক্ষতিগ্ৰস্ত হোৱা গাঁওখনৰ ৰাইজে এই আঁচনিৰ পৰা বাহিৰত থাকিব লগা হোৱা বুলি অভিযোগ প্ৰদান কৰে ৷

PMAY: Corruption Brings Housing Construction to a Standstill in Assam hailakandi District
হাইলাকান্দিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত অনিয়মৰ অভিযোগ ৰাইজৰ
author img

By

Published : Sep 9, 2020, 7:34 PM IST

হাইলাকান্দি, 9 ছেপ্তেম্বৰ : হাইলাকান্দিত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ । জিলাখনৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হিতাধিকাৰীক গৃহ প্ৰদানত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ প্ৰদান কৰিছে ৰতনপুৰ গাঁৱৰ ৰাইজে ।

হাইলাকান্দিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত অনিয়মৰ অভিযোগ ৰাইজৰ

গাঁওবাসীৰ অভিযোগ অনুসৰি,অতি দৰিদ্র লোক থকা গাঁৱখনৰ ৰাইজে আজিলৈকে পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ । বুধবাৰে ৰতনপুৰ গাঁৱৰ ৰাইজৰ লগতে গাঁও পঞ্চায়তৰ সভাপতিয়ে মিলি এক সংবাদমেল আয়োজন কৰি এই অভিযোগ প্ৰদান কৰিছে ৷ আনহাতে,দীর্ঘদিনৰ পৰা ৰতনপুৰ গাঁৱৰ ৰাইজে হাইলাকান্দি জিলা উপায়ুক্তক অনুৰোধ জনোৱাৰ পিচতো কোনো ধৰণৰ সহায় নকৰা বুলি ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত জনায় ।

ইফালে,জিলা প্ৰশাসনৰ গাফিলতিৰ কাৰণে বানপানীত ক্ষতিগ্ৰস্ত হোৱা গাঁওখনৰ ৰাইজে এই আঁচনিৰ পৰা বাহিৰত থাকিব লগা হোৱা বুলি অভিযোগ প্ৰদান কৰে ৷ যাৰ বাবে ভুক্তভোগী ৰাইজে অনতিপলমে অসম চৰকাৰক বিষয়টো পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : শিল্পী সত্বাৰে ভৰা এগৰাকী ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.