ETV Bharat / state

অশান্ত হাইলাকান্দিত শান্তি সমদল - জিলা উপায়ুক্ত

জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দিত শান্তি সমদল ৷ হাত জোৰ কৰি ৰাইজৰ ওচৰত শান্তি সম্প্ৰীতি বজায় ৰখাৰ প্ৰাৰ্থনা জিলা উপায়ুক্তৰ ৷

অশান্ত হাইলাকান্দিত শান্তি সমদল
author img

By

Published : May 18, 2019, 2:18 PM IST

হাইলাকান্দি , 18': বিগত 10 মে'ত হাইলাকান্দিত সংঘটিত অবাঞ্ছিত ঘটনাৰ পিচত শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দিত পুনৰ এক শান্তি সমদল আয়োজন কৰা হয় ৷ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আয়োজিত এই শান্তি সমদলত জিলাখনৰ বিশিষ্ট ব্যক্তি সকলে ভাগ লয় ৷

অশান্ত হাইলাকান্দিত শান্তি সমদল

যোৱা 10 মে'ত এটা সামান্য ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ফলত , মুহূৰ্ততে ৰক্তাক্ত হৈ পৰিছিল হাইলাকান্দি চহৰ ৷ দাউ দাউকে জ্বলি উঠিছিল ব্যৱসায়ীক প্ৰতিষ্ঠান সহ গাড়ী-মটৰ চাইকেল ৷ ইপিনে বিগত এসপ্তাহে যদিও চহৰ খনত কোন অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই , তথাপিও জিলা প্ৰশাসনে জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে ৷ আনহাতে জিলাখনত শান্তি অক্ষুণ্ণ ৰখাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰ বিয়লি এক শান্তি সমদলৰ আয়োজন কৰা হৈছিল ৷ শনিবাৰে অৰ্থাৎ আজি পুনৰ আন এক সমদলৰ আয়োজন কৰা হয় ৷ জিলা উপায়ুক্ত জাল্লি কিৰ্তী আৰু আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰায়ে এই সমদলটোৰ নেতৃত্ব দিয়ে ৷ লগতে এই সমদলত জিলাখনৰ বিশিষ্ট ব্যক্তি আৰু ব্যৱসায়ী সকলে অংশ লয় ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সমদল হাইলাকান্দি চহৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰধান ৰাজপথ সমূহ পৰিক্ৰমা কৰি পুনৰ জিলা উপায়ুক্ত কাৰ্যালয়ত সামৰণি পৰে ৷ ইয়াৰোপৰিও জিলা উপায়ুক্ত গৰাকীয়ে এই সমদলৰ জৰিয়তে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজায় ৰখাৰ আহ্বান জনায় ৷

SLUG :: অশান্ত হাইলাকান্দিত শান্তি সমদল।

O/C :: যোৱা ১০ মে হাইলাকান্দিত সংঘঠিত অবাঞ্ছিত ঘটনাৰ পিছত শনিবাৰে পুনৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এক শান্তি সমদল। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আয়োজিত এই শান্তি সমদলত ভাগলয় জিলাখনৰ বিশিষ্ট ব্যক্তি সকলে।

V/O :: অশান্ত হাইলাকান্দিত শান্তিৰ গোহাৰ। জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দিত শান্তি সমদল। হাত জোৰ কৰি ৰাইজৰ ওচৰত শান্তি সম্প্ৰিতি বজায় ৰখাৰ প্ৰাৰ্থনা জিলা উপায়ুক্তৰ।
যোৱা ১০ মে এক অবাঞ্ছিত ঘটনায় জোকাৰি গৈছিল হাইলাকান্দি জেলা। এটা সামান্য ঘটনাকে কেন্দ্ৰ কৰি সৃষ্টি হওয়া সংঘাতৰ ফলত মুহুৰ্তে মাজতেই ধংসস্তুপত পৰিণত হৈছিল হাইলাকান্দি চহৰ। দাউ দাউকে জ্বলিছিল ব্যবসায়ীক প্ৰতিষ্ঠান সহ গাড়ী মোটৰ ছাইকেল। যোৱা এসপ্তাহে যদিও হাইলাকান্দিত সংঘঠিত হোৱা নাই কোন অপ্ৰিতিকৰ ঘটনা, তথাপিও জিলাখনত নিৰাপত্তা ব্যবস্হা কটকটিয়া কৰি ৰাখিছে জিলা প্ৰশাসনে। জিলাখনত এই শান্তি অক্ষুন্ন ৰখাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰ বিয়লিত আয়োজন কৰা হৈছিল এক শান্তি সমদলৰ। আজি পুনৰ আয়োজন কৰা হয় আন এক সমদলৰ। সমদল খনৰ নেতৃত্ব দিয়ে জিলা উপায়ুক্ত জাল্লি কিৰ্তী আৰু আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰায়। লগতে সমদলখনত অংশ লয় জিলাৰ বিশিষ্ট ব্যক্তি আৰু ব্যবসায়ী সকলে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সমদল হাইলাকান্দি চহৰ আৰু ইয়াৰ নিকটবৰ্তী অঞ্চলৰ প্ৰধান প্ৰধান ৰাজপথ পৰিক্ৰমা কৰি সামৰনী মাৰে পুনৰ জিলা উপায়ুক্ত কাৰ্যালয়ত। পিছত জিলা উপায়ুক্তয় এই সমদলৰ জৰিয়তে শান্তি সম্প্ৰিতি আৰু ভাতৃত্ববোধ বজায় ৰখাৰ অহ্বান জনোয়া হৈছে বুলি মন্তব্য আগবৰায়।

byte :: Jally Kirtee, DC Hailakandi 

#####
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.