ETV Bharat / state

নিতাইনগৰ কাণ্ডৰ সৈতে জড়িত 6 জনক আটক - ম'হ চুৰক কেন্দ্ৰ কৰি সমগ্ৰ ঘটনাৰ সূত্ৰপাত

হাইলাকান্দিৰ নিতাইনগৰ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নিতাইনগৰ গাঁৱত অভিযান চলাই প্ৰথমে ৰফিকুল হুচেইন লস্কৰ, নুৰুল হক লস্কৰ, আনাম উদ্দিন লস্কৰ, মানিক উদ্দিন লস্কৰ আৰু ছাইফুল্লা আহমদ লস্কৰ নামৰ 5 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাছতে ছিৰাজ উদ্দিন লস্কৰ নামৰ এজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

নিতাইনগৰ কাণ্ডৰ সৈতে জড়িত ব্যক্তি
author img

By

Published : Oct 13, 2019, 7:43 PM IST

হাইলাকান্দি, 13 অক্টোবৰ : হাইলাকান্দিৰ নিতাইনগৰ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নিতাইনগৰ গাঁৱত অভিযান চলাই প্ৰথমে ৰফিকুল হুচেইন লস্কৰ, নুৰুল হক লস্কৰ, আনাম উদ্দিন লস্কৰ, মানিক উদ্দিন লস্কৰ আৰু ছাইফুল্লা আহমদ লস্কৰ নামৰ 5 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ শনিবাৰ ৰাতি এই 5 জনকে হাইলাকান্দি সদৰ আৰক্ষী থানাত সোধা-পোছা কৰাৰ লগতে দেওবাৰে দিনত বিশেষ আদালতত উপস্থিত কৰোৱা হয় । ইয়াৰ পাছতে 3 দিনৰ বাবে আৰক্ষী জিম্মালৈ নিয়া হৈছে আটকাধীন পাঁচজনকে ৷

নিতাইনগৰ কাণ্ডৰ সৈতে জড়িত 6 জনক আটক

আনহাতে, দেওবাৰে ৰাতিপুৱা পুনৰ এক অভিযান চলাই গ্ৰেপ্তাৰ ঘটনাৰ হৈছে জড়িত ছিৰাজ উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ছিৰাজ উদ্দিন হাইলাকান্দি জিল‍া পৰিষদৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ।
ম'হ চুৰক কেন্দ্ৰ কৰি সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল যদিও ইতিমধ্যে ম'হ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ঘটনাৰ পিছৰ পৰাই আৰক্ষীয়ে প্ৰতি মুহূৰ্তত নিতাইনগৰ আৰু ইয়‍াৰ পাৰ্শ্বৱৰ্তী এলেকাত অভিযান অব্যাহত ৰাখিছে । আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে চলোৱা এই অভিযানৰ ফলত গোটেই এলেকাত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ।

Intro:SLUG :: Nitainagar_Incident_followup

Body:O/C : হাইলাকান্দিৰ নিতাইনগৰ কাণ্ডত এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ জনক। শনিবাৰে বিয়লিৰ পৰা নিতাইনগৰ গাওঁত চলে আৰক্ষীৰ অভিযান। অভিযানৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰফিকুল হুচেইন লস্কৰ, নুৰুল হক লস্কৰ, আনাম উদ্দিন লস্কৰ, মানিক উদ্দিন লস্কৰ আৰু ছাইফুল্লা আহমদ লস্কৰ নামৰ ৫ গৰাকী অভিযুক্তক। শনিবাৰ ৰাতি এই সকলক হাইলাকান্দি সদৰ থানাত সোধা-পোছা চলায় আৰক্ষীয়ে। দেওবাৰে দিনত বিশেষ আদালতত উপস্হিত কৰোৱা হয় এই সকলক। আদালত পৰা ৩ দিনৰ ৰিমাণ্ডলৈ আনিছে আৰক্ষীয়ে। দেওবাৰে ৰাতিপুৱা পুনৰ এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে ঘটনাৰ আন এক অভিযুক্ত ছিৰাজ উদ্দিন লস্কৰক। ধৃত ছিৰাজ উদ্দিন হাইলাকান্দি জিল‍া পৰিষদৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী।
ইপিনে ঘটনাৰ মূল কেন্দ্ৰ বিন্দু অৰ্থাৎ চুৰ হোৱা ম'হ দুটা ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। বৰ্তমানে ম'হ কেইট‍া কাটাখ‍াল আৰক্ষী চকীত আৰক্ষীৰ অধিনত আছে।
আনফালে, ঘটনাৰ পিছৰ পৰাই আৰক্ষীয়ে প্ৰতি মুহুৰ্তত নিতাইনগৰ আৰু ইয়‍াৰ পাৰ্শ্ববৰ্তী অঞ্চল সমূহত অভিযান অব্যাহত ৰাখিছে। আৰক্ষী আৰু CRPF বাহিনীয়ে চলোৱা এই অভিযানৰ ফলত গোটেই এলেকাত আতঙ্কময় পৰিস্হিতি বিৰাজ কৰিছে।

byte :: localConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.