হাইলাকান্দি,21জুনঃ এইবাৰ খং উঠিছে এআইইউডিএফ বিধায়কৰ । হাইলাকান্দিত জুই লগাব ক্ষুব্ধ বিধায়ক সুজাম উদ্দিন লস্কৰে । হাইলাকান্দিৰ বিভিন্ন চৰকাৰী অনুষ্ঠানত আমন্ত্ৰণ নজনোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ হৈ পৰিছে বিধায়ক লস্কৰ । অভিযোগ অনুসৰি শুকুৰবাৰে হাইলাকান্দিৰ কাটলিছড়াত অগ্নি নিৰ্বাপক বাহিনীৰ এটা কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ গৃহবিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশেষ শাখাৰ ডি আই জি ভাস্কৰজ্যোতি মহন্ত আৰু হাইলাকান্দিৰ ডিএচপিকে ধৰি বহুকেইজন অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল যদিও কাটলিছড়াৰ এআইইউডিএফৰ বিধায়ক সুজাম উদ্দিন লস্কৰক আমন্ত্ৰণ নজনোৱাত ক্ষুব্ধ হৈ পৰিছে বিধায়ক লস্কৰ । ইপিনে এই ঘটনাৰ পূৰ্বেও হাইলাকান্দিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ সভাত তেওঁক নিমন্ত্ৰণ নজনোৱাৰ অভিযোগ ৷ যাৰ পৰিপ্ৰেক্ষিতত এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায় কাটলিছড়াৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্কৰে ।
হঠাৎ কিয় খং উঠিল বিধায়ক সুজাম উদ্দিনৰ ? - fire brigade
হাইলাকান্দিৰ বিভিন্ন চৰকাৰী অনুষ্ঠানত আমন্ত্ৰণ নজনোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ হৈ পৰিছে বিধায়ক লস্কৰ । ঘটনাৰ উচিত তদন্তৰ দাবী বিধায়ক সুজাম উদ্দিন লস্কৰৰ ।
হাইলাকান্দি,21জুনঃ এইবাৰ খং উঠিছে এআইইউডিএফ বিধায়কৰ । হাইলাকান্দিত জুই লগাব ক্ষুব্ধ বিধায়ক সুজাম উদ্দিন লস্কৰে । হাইলাকান্দিৰ বিভিন্ন চৰকাৰী অনুষ্ঠানত আমন্ত্ৰণ নজনোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ হৈ পৰিছে বিধায়ক লস্কৰ । অভিযোগ অনুসৰি শুকুৰবাৰে হাইলাকান্দিৰ কাটলিছড়াত অগ্নি নিৰ্বাপক বাহিনীৰ এটা কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ গৃহবিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশেষ শাখাৰ ডি আই জি ভাস্কৰজ্যোতি মহন্ত আৰু হাইলাকান্দিৰ ডিএচপিকে ধৰি বহুকেইজন অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল যদিও কাটলিছড়াৰ এআইইউডিএফৰ বিধায়ক সুজাম উদ্দিন লস্কৰক আমন্ত্ৰণ নজনোৱাত ক্ষুব্ধ হৈ পৰিছে বিধায়ক লস্কৰ । ইপিনে এই ঘটনাৰ পূৰ্বেও হাইলাকান্দিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ সভাত তেওঁক নিমন্ত্ৰণ নজনোৱাৰ অভিযোগ ৷ যাৰ পৰিপ্ৰেক্ষিতত এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায় কাটলিছড়াৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্কৰে ।
Body:O/C::- এইবাৰ খং উঠিছে এআইইউডিএফ বিধায়কৰ । এইবাৰ হাইলাকান্দিত জুই লগাব ক্ষুব্ধ বিধায়ক সুজাম উদ্দিন লস্করে । হাইলাকান্দিৰ বিভিন্ন চৰকাৰী অনুষ্ঠানত তেওঁলোকক আমন্ত্ৰণ নজজনোয়াৰ অভিযোগ আনি ক্ষুব্ধ হৈ পড়িছে বিধায়ক লস্কর। তেওঁ অভিযোগ কৰি কয় হাইলাকান্দিৰ কাটলিছড়াত অগ্নি নিৰ্বাপক বাহিনীৰ এখন কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ গূহবিভাগৰ অতিরিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশেষ শাখাৰ ডি আই জি ভাস্করজ্যোতি মহন্ত আৰু হাইলাকান্দিৰ ডিসি এসপি -ক ধৰি ভালেমান অতিথিক আমন্ত্ৰণ জনোৱা হলেও কাটলিছড়াৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্করক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি তেওৰ অভিযোগ । ইয়াৰ আগতে হাইলাকান্দিত আহি বনমন্ত্ৰী পৰিমল শুক্লবৈদয়ে জিলা প্ৰচাচনৰ কৰ্মকৰ্তাৰ লগত এখন ৰিভিউ মিটিং পাতিছিল ।কিন্তু সেই মিটিংগতও হাইলাকান্দিৰ বিৰোধী দলিয় বিধায়ক সকলক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি তেওৰ অভিযোগ । এনে ঘটনাৰ বাবে তেওঁ তীব্ৰ ক্ষোভ ব্যাক্ত কৰি ভাবুকি দি কৈছে । যদি আকৌ এনে ঘটনা ঘটে তেনেহলে পৰিনাম বেয়া হব। এনে আচৰণৰ প্ৰতিবাদত জুই লাগিব বুলি হুংকাৰ দিছে কাটলিছড়াৰ এআইইউডিএফ বিধায়ক সুজাম উদ্দিন লস্করে ।Conclusion: