ETV Bharat / state

হাইলাকান্দিত চিকিৎসকক গ্ৰেপ্তাৰৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - ৰাজপথ অৱৰোধ

এগৰাকী মহিলাক চিকিৎসালয়ত চিকিৎসকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি হাইলাকান্দিত পথ অৱৰোধ জনতাৰ ।

National highway blocked demanding arrest of Hailakandi doctor
হাইকান্দিত এজন চিকিৎসকৰ গ্ৰেপ্তাৰৰ দাবীত পথ অবৰোধ
author img

By

Published : Jun 6, 2020, 8:48 PM IST

হাইলাকান্দি,6 জুনঃ যি সময়ত ক'ৰণা মহামাৰীৰ সৈতে যুঁজ দিয়াৰ বাবে চিকিৎসকসকলক ঈশ্বৰৰ সৈতে তুলনা কৰা হৈছে ঠিক সেই সময়তে হাইলাকান্দি জিলা পাচগ্ৰামত এগৰাকী চিকিৎসকক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথ অৱৰোধ কৰিলে হাজাৰ হাজাৰ ৰাইজে । হাইলাকান্দি জিলাৰ কালিনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক পাৰ্থ প্ৰতীম দেৱৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।উল্লেখ্যযোগ্য যে পাচগ্ৰাম অঞ্চলৰ এগৰাকী মহিলাৰ গৰ্ভ নিৰোধক লগাই দিয়াৰ নামত চিকিৎসক পাৰ্থ প্ৰতীম দেৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি মহিলা গৰাকীয়ে পাচগ্ৰাম থানাত এটা গোচৰ ৰজু কৰিছিল কিন্তু দীৰ্ঘ দিন অতিক্ৰম হোৱাৰ পিছতো আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে পাচগ্ৰামৰ স্থানীয় ৰাইজে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে পাচগ্ৰাম থানাও ঘেৰাও কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নয়ন মনি বৰ্মন ঘটনাস্থলীত উপস্থিত হৈ এই অভিযোগৰ উচিত তদন্তৰ আশ্বাস দিয়াৰ পিছতহে ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা অৱৰোধ মুক্ত কৰি দিয়ে ।

National highway blocked demanding arrest of Hailakandi doctor
হাইলাকান্দিত চিকিৎসকক গ্ৰেপ্তাৰৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

লগতে পঢকঃ নৱম স্থান দখলেৰে উজ্বলিল মৰাণৰ অভিনৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.