ETV Bharat / state

চুপাৰী ছিণ্ডিকেট : বাৰ্মিজ চুপাৰীয়ে বজাইছে থলুৱা ব্যৱসায়ীৰ বিপদ ঘণ্টা - কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ সংবাদ মেল

সংকটত থলুৱা চুপাৰী ব্যৱসায় ৷ অবৈধ বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী ট্ৰাকৰ সমান্তৰালকৈ থলুৱা চুপাৰীৰ ট্ৰাকেও দিব লাগে ছিণ্ডিকেটৰ ধন ৷ সকলো বৈধ নথি-পত্ৰ, GST চালান, কৃষি বিভাগৰ অনুমতি পত্ৰ থকাৰ পাচতো থলুৱা ব্যৱসায়ীসকলে দিব লগীয়া হৈছে মোটা অংকৰ ধন ৷ বৃহস্পতি বাৰে হাইলাকান্দিত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ৷

চুপাৰী ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য
author img

By

Published : Oct 10, 2019, 2:51 PM IST

হাইলাকান্দি, অক্টোবৰ 10 : বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেটে ভয়ানক ৰূপ লৈছে ৰাজ্যত ৷ বৰাক উপত্যকাৰ এগৰাকী বিধায়কে উদঙাইছে চুপাৰী ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য ৷ ৰাজ্যখনত চলি থকা চুপাৰী ব্যৱসায়ত বাৰ্মিজ চুপাৰীৰ বাবে সংকটত পৰিছে থলুৱা চুপাৰী ব্যৱসায়ীসকল ৷ বাৰ্মিজ চুপাৰীয়ে বিপদ ঘণ্টা বজাইছে থলুৱা ব্যৱসায়ীৰ ৷ টকা নিদিলে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহয় থলুৱা চুপাৰী সৰবৰাহকাৰী ট্ৰাক ৷

চুপাৰী ছিণ্ডিকেট সন্দৰ্ভত সুজাম উদ্দিন লস্কৰৰ মন্তব্য

অবৈধ বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী ট্ৰাকৰ সমান্তৰালকৈ থলুৱা চুপাৰীৰ ট্ৰাকেও দিব লাগে ছিণ্ডিকেটৰ ধন ৷ সকলো বৈধ নথি-পত্ৰ, GST চালান, কৃষি বিভাগৰ অনুমতি পত্ৰ থকাৰ পাচতো থলুৱা ব্যৱসায়ীসকলে দিব লগীয়া হৈছে মোটা অংকৰ ধন ৷ বৃহস্পতি বাৰে হাইলাকান্দিত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ৷ বিধায়কগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি, সকলো বৈধ নথি-পত্ৰ থকাৰ পাচতো বুধবাৰে মেঘালয়ৰ উংকিয়াং গেটৰ পৰা মেঘালয় আৰক্ষীয়ে ওভটাই পঠিয়াই তিনিখন থলুৱা চুপাৰী ভৰ্তি ট্ৰাক ৷ বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈ আহি আছিল ট্ৰাক কেইখন ৷ প্ৰত্যেকখন ট্ৰাকৰ পৰা আৰক্ষীক ধন নিদিয়াৰ বাবেই এনেদৰে ঘূৰাই পঠিওৱা হয় ট্ৰাককেইখন ৷

উল্লেখ্য যে, এই গেটেৰেই ধনৰ বিনিময়ত অবৈধ বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী ট্ৰাক পাৰ কৰোৱাৰ অভিযোগ তুলিছে এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে ৷ এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে এইয়া কেনে ধৰণৰ দুৰ্নীতি বিৰোধী শূন্য সহনশীলতা গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন কৰে সুজাম উদ্দিন লস্কৰে ৷ ধনৰ বিনিময়ত গেট পাৰ কৰোৱা বাৰ্মিজ চুপাৰীৰ অবৈধ ব্যৱসায়ৰ বাবেই এতিয়া থলুৱা চুপাৰী ব্যৱসায়ীসকল বিপদত পৰিছে বুলি দাবী কৰে বিধায়ক লস্কৰসহ একাংশ ব্যৱসায়ীয়ে ৷

Intro:SLUG :: ৰাজ্যত বাৰ্মিজ ছুপাৰিৰ ৰমৰমিয়া। বিপাকত থলুৱা ছুপাৰিৰ ব্যবসায়ী।

Body:O/C :: অবৈধ বাৰ্মিজ ছুপাৰিৰ ছিণ্ডিকেটৰ ফলত এতিয়া বিপাকত পৰিছে থলুৱ‍া ছুপ‍াৰিৰ ব্যবসায়ী। বাৰ্মিজ ছুপাৰিৰ নিচিনা থলুৱা ছুপাৰিৰ বাবেও দিব লাগে ধন। সকলো বৈধ নথি থকাৰ পিছতো মেঘালয়ৰ পৰা খেদি পঠিয়ালে থলুৱা ছুপাৰিৰ ট্ৰাক।

Conclusion:V/O :: ৰাজ্যত ছিণ্ডিকেটৰ ভয়াবহ ৰূপ। ছিণ্ডিকেটৰ ফলত বিপাকত থলুৱা ব্যবসায়ী। অবৈধ বাৰ্মিজ ছুপাৰিৰ দৰে থলুৱা ছুপাৰিৰ বাবেও ছিণ্ডিকেটক প্ৰদান কৰিব লাগে ধন। সকলো বৈধ নথি, GST, কৃষি বিভাগৰ ছেচ প্ৰদানৰ পিছতো বৈধ ব্যবসায়ীয়ে দিব লাগে ধন। বৃহস্পতিবাৰে হাইলাকান্দিত এক সংবাদ মেল পাতি এই কথা সলনি কৰে কাঠলিছেড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। স্থানীয় কেইবা গৰাকী থলুৱা সুপাৰিৰ ব্যবসায়ীক লগতলৈ সংবাদ মেলত বিধায়ক লস্কৰে কয়, যোৱা কালি মেঘালয়ে উংকিয়াং গেটৰ পৰা তিনিখন থলুৱা ছুপাৰিৰ গাড়ীক খেদি পঠিয়ায় মেঘালয় আৰক্ষীয়ে। প্ৰতিখন গাড়ীৰ পৰা অবৈধ ধন নিদিয়াৰ বাবে খেদি পঠিয়া হয় এই তিনিখন গাড়ীক। বৰাক উপত্যকাৰ পৰা থলুৱা ছুপাৰিলৈ গুয়াহাটি গৈ আছিলে এই তিনিখন ট্ৰাক। অবৈধ বাৰ্মিজ ছুপাৰিৰ নিছিন‍া এই থলুৱা ব্যবসায়ী সকলে ধন দিব নোৱাৰাৰ বাবেই মেঘালয়ত প্ৰবেশ কৰিব দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক আৰু ব্যবসায়ী সকলে। এই সকলো বিষয়ত এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এওলোকে।

byte :: 1. Buisnessman 2. Sujam uddin laskar, MLA Katlicherra

#######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.