হাইলাকান্দি, 22 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা আন্দোলনৰ তীব্ৰতা কিছু পৰিমাণে হ্ৰাস পাইছে ৷ হিংসাত্মক আন্দোলনৰ পৰিৱৰ্তে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে অসমীয়া ৰাইজে ৷ ৰাইজৰ ৰুদ্ৰ মূৰ্ত্তি দেখি একপ্ৰকাৰে আত্মগোপন কৰা বিজেপিৰ জনপ্ৰতিনিধি তথা নেতা পালিনেতাসকল লাহে-লাহে ঘৰমুৱা হৈছে ৷ এতিয়া ক্ৰমান্নয়ে ৰাইজৰ মাজত সোমাই নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ৰাইজক পতিয়ান নিয়াবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি নেতাকৰ্মীসকলে ৷ ক'ৰবাত যদি আওপকীয়াকৈ শান্তি সমদল অনুষ্ঠিত কৰিছে, ক'ৰবাত আকৌ ৰাজহুৱা সভাত বিধেয়কখনৰ সপক্ষে না-না যুক্তি আগবঢ়াইছে বিজেপি নেতৃত্বই ৷ শনিবাৰে ৰাতি হাইলাকান্দি জিলাৰ লালা বজাৰত আয়োজন কৰা স্বামী বিবেকানন্দ মেলাৰ আৰম্ভনি অনুষ্ঠানত CAA সন্দৰ্ভত কৰিমগঞ্জ লোকসভাৰ বিজেপি সাংসদ কৃপানাথ মল্লাহে কি ক'লে এবাৰ শুনক ..
এতিয়া এনেদৰে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ৰাইজক পতিয়ান নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে শাসকীয় দলৰ নেতৃত্বই ৷
লগতে পঢ়ক: এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই