ETV Bharat / state

একবিংশ শতিকাতো কন্যা সন্তানক অৱহেলা পিতৃৰ

author img

By

Published : Oct 7, 2020, 3:55 PM IST

হাইলাকান্দিত কন্যা সন্তান জন্ম দিয়াৰ বাবেই স্বামীয়ে ঘৰৰ পৰা উলিয়াই দিলে পত্নীক ৷ মানৱ সমাজক লজ্জানত কৰা এই ঘটনা কোনো বহি :ৰাজ্যৰ নহয় । এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাত ।

একবিংশ শতিকাতো কন্যা সন্তানক অৱহেলা পিতৃৰ
একবিংশ শতিকাতো কন্যা সন্তানক অৱহেলা পিতৃৰ

হাইলাকান্দি, 7 অক্টোবৰ : একবিংশ শতিকাতো অৱহেলিত হৈ আছে কন্যা সন্তান ৷ বিগত বহু বছৰ ধৰি আমাৰ সমাজত পুত্ৰ আৰু কন্যা সন্তানৰ প্ৰতি ভেদ ভাৱ চলি থকা পৰিলক্ষিত হৈছে ৷ ভাৰতৰ বিভিন্ন প্ৰান্তত কন্যা সন্তান জন্ম দিয়াৰ বাবেই স্বামীৰ পৰা অত্যাচাৰ সহিবলগীয়া হোৱা বিভিন্ন ঘটনা পোহৰলৈ আহিছে ৷ কিন্তু বৰ্তমান যিখন সমাজত নাৰী পুৰুষৰ সম অধিকাৰৰ চৰ্চা অব্যাহত আছে সেই সমাজ খনতেই পোহৰলৈ আহিছে এক আশ্বৰ্যজনক ঘটনা ৷

হাইলাকান্দিত কন্যা সন্তান জন্ম দিয়াৰ বাবেই স্বামীয়ে ঘৰৰ পৰা উলিয়াই দিলে পত্নীক ৷ মানৱ সমাজক লজ্জানত কৰা এই ঘটনা কোনো বহি:ৰাজ্যৰ নহয় । এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাত ।

2013 চনত হাইলাকান্দি জিলাৰ টেমপুৰ গাঁৱৰ ঝুমা দাস নামৰ এগৰাকী মহিলাই জিলাখনৰে উত্তৰ নাৰায়ণপুৰ গাওঁৰ ৰিংকু দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৷ বিয়াৰ এবছৰ পিচত ঝুমাই জন্ম দিছিল এটা কন্যা সন্তান ৷ কিন্তু দুবছৰ পিচতেই ঝুমাৰ দ্বিতীয়টো কন্যা সন্তানৰ জন্ম হোৱাৰ পাচতেই স্বামী ৰিংকু দাসে আৰম্ভ কৰিছিল অত্যাচাৰ ৷ বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পাচতেই এটা সময়ত অত্যাচাৰৰ সীমা অতিক্ৰম কৰি ৰিংকুয়ে দুই কন্যাসহ ঝুমাক ঘৰৰ পৰা আঁতৰাই দিয়ে । ইয়াৰ পাছতেই ঝুমা দাসৰ স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ৷ ইপিনে বৰ্তমান দুই কণমানি সন্তানসহ ন্যায়ৰ বিচাৰি আৰক্ষী আৰু ন্যায়ালয়ৰ কাষ চাপিছে ঝুমা দাসে ৷

লগতে পঢ়ক :কেনেদৰে জীৱন সংগ্ৰাম কৰিছে মাজুলীৰ শিক্ষিত নাপিত সকলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.