ETV Bharat / state

আলগাপুৰ আদৰ্শ চিকিৎসালয় উদ্বোধনক লৈ প্ৰতিবাদ - আলগাপুৰ আদৰ্শ চিকিৎসালয় উদ্বোধনক লৈ প্ৰতিবাদ

হাইলাকান্দিৰ জিলাৰ আলগাপুৰ আদৰ্শ চিকিৎসালয়খন উদ্বোধন কৰা বিষয়কলৈ আলগাপুৰত এছএফআইৰ প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদত আলগাপুৰ সমষ্টিৰ এ আই ইউ ডি এফ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ অংশগ্ৰহণ ৷

হাইলাকান্দিৰ আলগাপুৰ আদৰ্শ চিকিৎসালয়খনক লৈ এছএফআইৰ প্ৰতিবাদ
author img

By

Published : Nov 19, 2019, 7:43 PM IST

হাইলাকান্দি,19 নৱেম্বৰ: হাইলাকান্দিত এখন চিকিৎসালয়ক লৈ এছএফআই (ষ্টুডেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়া)ৰ প্ৰতিবাদ ৷ মঙলবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ স্বাস্থ্য কেন্দ্ৰৰ সন্দৰ্ভত আলগাপুৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰসংগঠন এছএফআইয়ে ৷ ২০১৩ চনত কংগ্ৰেছ চৰকাৰ স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইলাকান্দি জিলাৰ আলগাপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক আদৰ্শ চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । বিগত ৬ বছৰে নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ হৈছে চিকিৎসালয়খনৰ । কিন্তু এতিয়া চিকিৎসালয়খনৰ উদ্বোধনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰাজনীতিৰ । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰায় এবছৰ পিচতো আনুষ্ঠানিকভাৱে উদ্বোধন নহ'ল চিকিৎসালয়খনৰ । বিগত ৬ নৱেম্বৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি চিকিৎসালয়খনৰ উদ্বোধন কৰাৰ প্ৰতিশ্ৰুতি দিলেও অন্তিম মূহুৰ্তত বাতিল কৰে অনুষ্ঠানটো । কিন্তু ইয়াৰ পাচত মন্ত্ৰীগৰাকী বৰাকলৈ বহুবাৰ আহিলেও কৰা নাই চিকিৎসালয়খনৰ উদ্বোধন । যাৰ বাবে বৰ্তমান এই বিষয়টোৱে আলগাপুৰ অঞ্চলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ।

হাইলাকান্দিৰ আলগাপুৰ আদৰ্শ চিকিৎসালয়খনক লৈ এছএফআইৰ প্ৰতিবাদ
উক্ত বিষয়টোকলৈ ছাত্ৰ সংগঠন এছএফআইৰ নেতৃত্বত আলগাপুৰত আয়োজন কৰা হয় প্ৰতিবাদী কাৰ্যসূচীৰ । এই প্ৰতিবাদত অংশ লয় আলগাপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে । প্ৰতিবাদত অংশ লৈ চিকিৎসালয়খন উদ্বোধন নোহোৱাৰ ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু স্থানীয় কেইজনমান নেতাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ।

লগতে পঢ়ক:কেবৰ বিৰুদ্ধে এইবাৰ ৰাজপথত বাওপন্থী দল
ইপিনে এ আই ইউ ডি এফৰ বিধায়কগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাইলাকান্দি জিলাৰ অগপৰ সভাপতি আফতাব উদ্দিন লস্কৰে কয় যে তেখেতহে এই বিষয়ত এনে মন্তব্য আগবঢ়াই বিষয়টোক ৰাজনীতিৰ ৰূপ দিব খুজিছে আৰু লগতে বিধায়ক গৰাকীক ৰাজনৈতিক শিক্ষা ল'বৰ বাবে পুনৰ বিদ্যালয়লৈ যাবলৈ আহ্বান জনায় ৷

লগতে চাওঁক: কৰিমগঞ্জত নিচাযুক্ত টেবলেট খুৱাই কিশোৰীক ধৰ্ষণ

Intro:SLUG :: হাইলাকান্দিত মডেল হাস্পতালকলৈ প্ৰতিবাদ।

Body:O/C :: ২০১৩ সনত কংগ্ৰেছ চৰকাৰ স্বাস্হ্য মন্ত্ৰী থকাৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় হাইলাকান্দি জিলাৰ আলগাপুৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰক মডেল হাস্পতালত উন্নিত কৰাৰ বাবে অাধাৰশিলা স্থাপন কৰিছিলে। বিগত ৬ বছৰে নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ হৈছে হাস্পতালখনৰ। কিন্তু এতিয়া হাস্পতালৰ উদ্ঘাটনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰাজনীতিৰ। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰায় ১ বছৰ পিছতো আনুষ্ঠানিক ভাৱে উদ্ঘাটন নহল হাস্পতালখনৰ। বিগত ৬ নভেম্বৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি হাস্পতালখনৰ দাৰোদ্ঘাটন কৰাৰ প্ৰতিশ্ৰুতি দিলেও অন্তিম মুহুৰ্তত বাতিল কৰিবলগা হয় অনুষ্ঠানটো। ইয়াৰ পিচতে মন্ত্ৰী গৰাকী বৰাকত আহিলেও কৰা নাই এই হাস্পতালৰ উদ্ঘাটন। যাৰ বাবে বৰ্তমানে আলগাপুৰ অঞ্চলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আজি ছাত্ৰ সংস্থা SFIৰ নেতৃত্বত অালগাপুৰত আয়োজন কৰা হয় এক প্ৰতিবাদি কাৰ্যসূচীৰ। প্ৰতিবাদত অংশলয় আলগাপুৰ সমষ্টিৰ AIUDF বিধায়ক নিজাম উদ্দিন চৌধুৰীও। তেওঁ এই হাস্পতাল উদ্ঘাটন ন'হোৱাৰ বাবে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু স্থানীয় কেইজনমান নেতায় ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ইপিনে, হাইলাকান্দি জিলা অগপ সভাপতি আফতাব উদ্দিন লস্কৰে বিধায়ক নিজাম উদ্দিনে এই সন্ধৰ্ভত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়কক পুনৰ বিদ্যালয়ত জাবলৈ আহ্বান জনায়।

byte :: 1. Nijam Uddin Choudhury, MLA
2. Aftab uddin Laskar, AGP President

######Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.