ETV Bharat / state

স্বাভাৱিক হোৱাৰ পথত হাইলাকান্দিৰ পৰিস্থিতি - উপত্যকা

আজিৰে পৰা হাইলাকান্দিত বন্ধ হৈ থকা বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰ জৰুৰীকালীন সেৱা পুনৰ মুকলি কৰা হৈছে ৷ অসম বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও শিক্ষানুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়ালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ৷ সন্ধিয়াৰ পাচত বুধবাৰে পুৱালৈকে পুনৰ বাহাল কৰা হ'ব সান্ধ্য আইন ৷

ক্ৰমাৎ স্বাভাৱিক হৈ উঠিছে হাইলাকান্দিৰ জনজীৱন !
author img

By

Published : May 14, 2019, 10:42 AM IST

হাইলাকান্দি , 14 মে' : মঙলবাৰৰ পৰা ক্ৰমাৎ স্বাভাৱিক হৈ উঠিছে হাইলাকান্দিৰ পৰিস্থিতি ৷ সান্ধ্য আইন জাৰি হৈ থকা অৱস্থাত চহৰখনত ইন্টাৰনেট সেৱা বন্ধ আছিল যদিও আজি পুৱা 6.14 বজাৰ পৰা পুনৰ আৰম্ভ হয় ইণ্টাৰনেট সেৱা ৷

ইণ্টাৰনেটৰ লগতে আজিৰে পৰা হাইলাকান্দিত বন্ধ হৈ থকা বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰ জৰুৰীকালীন সেৱা পুনৰ মুকলি কৰা হৈছে ৷ অসম বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও শিক্ষানুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়ালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে ৷ সন্ধিয়াৰ পাচত বুধবাৰে পুৱালৈকে পুনৰ বাহাল কৰা হ'ব সান্ধ্য আইন ৷

ক্ৰমাৎ স্বাভাৱিক হৈ উঠিছে হাইলাকান্দিৰ জনজীৱন !

ইপিনে সোমবাৰে হাইলাকান্দিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ সমগ্ৰ ঘটনাত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে বিধায়ক কৃপানাথ মাল্লা, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগতলৈ শুকুৰবাৰে ক্ষতিগ্ৰস্ত হোৱা স্থানসমূহ পৰিদৰ্শন কৰে ৷ আনহাতে মন্ত্ৰী শুক্লবৈদ্যই এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষিক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে ৷ লগতে শুকুৰবাৰৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

 Slug:-ক্ৰমাৎ স্বাভাবিক হৈছে হাইলাকান্দিৰ জনজীবন ।

O/C:-ক্ৰমাৎ স্বাভাবিক হৈছে হাইলাকান্দি। মঙ্গলবাৰ পুৱা ৬.১৪ মিনিটৰ পৰা পুনৰ চালু হয় বৰাক উপত্যকাৰ ইণ্টাৰনেট পৰিসেৱা। ইণ্টাৰনেটৰ লগতে আজিৰ পৰা হাইলাকান্দিত চালু হৈছে ব্যাঙ্ক, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিদ্যালয় মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰ জৰুৰি কালিন পৰিসেৱা। মঙ্গলবাৰৰ পৰা অসম বিস্যবিদ্যালয়কে ধৰি কেইবাটো অনুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা ৭টাৰ পৰা সন্ধিয়া লৈকে শিথিল কৰি দিয়া হৈছে সান্ধ্য আইন। সন্ধিয়াৰ পিছত বুধবাৰ ৰাতিপুৱা লৈকে পুনৰ বহাল কৰা হব সান্ধ্য আইন। 
ইপিনে, যোৱা কালি হাইলাকান্দিত উপস্হিতহৈ শুকুৰবাৰৰ ঘটনাত হোৱা ক্ষয় ক্ষতিৰ অবস্থাৰ বোজ লয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়। উপাধ্যক্ষ কৃপানাথ মল্লাহ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক লগতলৈ তেওঁ শুকুৰবাৰ ক্ষতিগ্ৰস্থ হোৱা ব্যবসায়ীক প্ৰতিাষ্টান আৰু মন্দিৰ সমূহ পৰিদৰ্শন কৰে। পিছত এই ঘটনাৰ উচিৎ তদন্ত হৈ দোষিক কঠিন শাস্তি প্ৰদান কৰা হব বুলি মন্তব্য কৰে মন্ত্ৰী শুক্লবৈদ্যয়। লগতে শুকুৰবাৰৰ ঘটনাত ব্যবসায়ীক প্ৰতিষ্টান ক্ষতিগ্ৰস্ত হোৱা সকলক চৰকাৰৰ ফালৰ সাহায্য প্ৰদান কাৰা হব বুলি আস্বাস দিয়ে মন্ত্ৰী শুক্লবৈদয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.