হাইলাকান্দি,31 জুলাই : হাইলাকান্দিৰ লালা বজাৰত পেট্ৰ'ল চালিত অট' মালিক সংস্থাৰ প্ৰতিবাদ ৷ বাজাজ ফাইনেঞ্চ নামৰ এটা ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ'ল চালিত অট' মালিক সংস্থাৰ ৷ বাজাজ ফাইনেঞ্চ নামৰ কোম্পানীটোৱে ঋণৰ ইএমআই পৰিশোধৰ কাৰণে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ অট' মালিকসকলক ৷ অসম চৰকাৰকো ছয় মাহৰ ঋণৰ ইএমআই ৰেহাই দিয়া কাৰণে আহ্বান জনায় অট' মালিকসকলে ।
উল্লেখ্য যে,দেশত পাঁচ মাহৰ পৰা অব্যাহত থকা লক ডাউনৰ ফলত নানান কষ্ট ভুগিবলগীয়া হৈছে পেট্ৰ'ল চালিত অট' মালিকসকলে । কেন্দ্ৰীয় চৰকাৰে লক ডাউন সময়ত ছয় মাহৰ কাৰণে স্থগিত ৰাখিছিল সকলো ধৰণৰ ঋণৰ ইএমআই ৷ হাইলাকান্দি জিলাত বাজাজ ফাইনেঞ্চ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে ঋণৰ ইএমআই পৰিশোধৰ কাৰণে অট’ মালিকসকলক বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লালা বাজাৰ পেট্ৰ’ল চালিত অট‘ মালিক সংস্থাই ৷
লগতে পঢ়ক : বিশ্বনাথত কুখ্যাত চোৰাং চিকাৰী আটক