ETV Bharat / state

মহাবিদ্যালয় পৰিস্কাৰ কৰাৰ দাবীত ৰাজপথত ছাত্ৰ-ছাত্ৰী - K L CHAUDHURY COLLEGE

মঙলবাৰে দিনৰ ১ বজাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰায় দুই ঘন্টা ধৰি চলা এই অৱৰোধৰ ফলত ৰাজপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ।

hailakandi a l chaudhuri college students protest
মহাবিদ্যালয় পৰিস্কাৰ কৰাৰ দাবীত ৰাজপথত ছাত্ৰ-ছাত্ৰী
author img

By

Published : Sep 22, 2020, 7:59 PM IST

হাইলাকান্দি, 22 ছেপ্তেম্বৰঃ সুদীৰ্ঘ ৬ মাহৰ বন্ধৰ অন্তত সোমবাৰৰ পৰা খুলিল ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহ । এই ৬ মাহ বহিঃৰাজ্য়ৰ পৰা অহা নাগৰিক সকলক কোৱাৰেন্টাইন কৰাৰ বাবে ব্যৱহৃত হৈছিল এই শিক্ষানুষ্ঠানসমূহ । কিন্তু এই সমূহ বিদ্যালয়ৰ পৰৱৰ্তী দৃশ্য দেখি চকু কপালত উঠিছে শিক্ষাৰ্থীসকলৰ ।

দৃশ্যটো হ’ল হাইলাকান্দি জিলাৰ এ এল চৌধুৰী মহাবিদ্যালয়ৰ । ভাঙা ডেক্স-বেঞ্চ, লেতেৰা শৌচাগাৰ । শ শ কৰ'ণা পজিটিভ ৰোগীক আশ্ৰয় দিয়াৰ পিছতো মহাবিদ্যালয় চৌহদত কৰা হোৱা নাই ছেনিটাইজৰ ব্যৱস্থা । ইপিনে, অহা ২৯ ছেপ্তেম্বৰৰ পৰা শিক্ষাৰ্থীসকলৰ ৬ নম্বৰ ষান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে মহাবিদ্যালয় কতৃপক্ষই । ফলতে ছাত্ৰ-ছাত্ৰী সকলে বাধ্য হৈ মহাবিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰাবলৈ অৱৰোধ কৰিলে ৰাজপথ ।

মহাবিদ্যালয় পৰিস্কাৰ কৰাৰ দাবীত ৰাজপথত ছাত্ৰ-ছাত্ৰী

মঙলবাৰে দিনৰ ১ বজাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰায় দুই ঘন্টা ধৰি চলা এই অৱৰোধৰ ফলত ৰাজপথটোত সৃষ্টি হয় তীব্ৰ যান-জঁটৰো । অবশেষত আলগাপুৰৰ চক্ৰ বিষয়‍াগৰাকী ঘটনাস্থলিত উপস্থিত হৈ মহাবিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ অন্ততহে অৱৰোধ কাৰ্যসূচী পৰিহাৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.