হাইলাকান্দি, 11 আগষ্টঃবৰাকৰ স্বয়ম্ভূ ৰজা গৌতম ৰয়ৰ বিজেপিত যোগদানৰ পিছত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে হাইলাকান্দিত । প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানৰ পিছত গৃহ সমষ্টি কাটলিছেড়াত সমৰ্থকৰ উল্লাস ।
আতচবাজি ফুটোৱাৰ লগতে মিঠাই বিতৰণ কৰি আনন্দ স্ফ কৰে গৌতম ৰয়ৰ সমৰ্থক সকলে । ৩০ বছৰ কংগ্ৰেছৰ বিধায়ক আৰু মন্ত্ৰী হোৱাৰ পিছত বিজেপিত যোগদান কৰিলে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে। গৌতম ৰয়ৰ বিজেপি যোগদানৰ ফলত বৰাকত বিজেপিৰ আসন বৃদ্ধি হ'ব বুলিও আশা প্ৰকাশ কৰে সমৰ্থক সকলে ।