ETV Bharat / state

স্বাধীনতাৰ সাত দশক পাছত নিৰ্মাণ হ'ব এখন দলং

author img

By

Published : Mar 4, 2019, 11:53 PM IST

স্বাধীনতাৰ সাত দশক পাছত হাইলাকান্দিৰ কাবুলিনালা অঞ্চলত নিৰ্মাণ হ'ব এখন দলং । কাটলিছড়া অঞ্চলৰ বিধায়ক এ আই ইউ ডি এফৰ সুজাম উদ্দিন লস্কৰৰ প্ৰচেষ্টাত দলং খনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'ব ।

FOUNDATION STONE

হাইলাকান্দি, ৪ মাৰ্চ: দেশ স্বাধীন হোৱাৰ সাতটা দশক পিছত দক্ষিণ হাইলাকান্দিৰ কাবুলিনালা অঞ্চলত নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এখন দলঙৰ । কাটলিছড়া অঞ্চলৰ বিধায়ক এ আই ইউ ডি এফৰ সুজাম উদ্দিন লস্কৰৰ প্ৰচেষ্টাত চৰকাৰৰ ছিগনেচাৰ আঁচনিৰ অধীনত কাবুলিনালা অঞ্চলত আজি দলং খনৰ নিৰ্মাণৰ বাবে শিলান্যাস কৰা হয় । স্বাধীনতাৰ সাতটা দশক পিছতহে এখন দলং লাভৰ আশাই এতিয়া অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে ।

FOUNDATION STONE

উল্লেখ্য যে, যোৱা ৩০ বছৰ ধৰি এই অঞ্চলৰ প্ৰতিনিধিত্ব কৰি আহিছিল বৰাকৰ ৰজা হিচাপে পৰিচিত কংগ্ৰেছ নেতা গৌতম ৰায়ে । কিন্তু ৰাইজৰ অভিযোগ যে কংগ্ৰেছ নেতাজনে অঞ্চলটোত কোনো ধৰণৰ উন্নয়ন নকৰিলে ।

Slug:-স্বাধীনতাৰ সত্তৰ  দশক পাছত  এখন দলং নিৰ্মাণ হল হাইলাকান্দি।
    
O/C:-দেশ স্বাধীন হোৱাৰ সত্তৰ বছৰৰ পিছত  এখন দলং নিৰ্মাণৰ বাবে শিলান্যাস  কৰা হল ।এই ঘটনা দক্ষিণ হাইলাকান্দিৰ কাবুলিনালা অঞ্চলৰ ।  স্বাধীনতাৰ সময়লৈকে  এই অঞ্চলৰ ৰাইজে এখন দলংৰ বাবে ভুগি আছিল ।  এখন দলংৰ বাবে   তেওঁলোকে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগত বাৰে বাৰে আবেদন  জনাই  আহিছিল । কিন্তু কোনেও  তেওলোকৰ মাত শুনা নাই । যোৱা তিরিশ বছৰ ধৰি এই অঞ্চলৰ  প্ৰতিনিধিত্ব কৰি আহিছিল  বৰাকৰ ৰজা হিচাপে পৰিচিত  কংগ্ৰেছ নেতা গৌতম ৰায়ে । ৰাইজৰ অভিযোগ  তেও নামত ৰজা থাকিলেও  একো কাম কৰা নাই । এইবাৰ সেই ৰজা নাই ।এতিয়া কাটলিছড়াৰ বিধায়ক হৈছে  এআইইউডিএফ -ৰ সুজাম উদ্দিন লস্কর ।  তেও চৰকাৰৰ  সিগনেচাৰ আচনিৰ অধীনত  কাবুলিনালা অঞ্চলত এখন দলং নিৰ্মাণৰ পদক্ষেপ লৈছে । এইলৈ অঞ্চলৰ ৰাইজ  উৎফুল্লিত ।  তেওঁলোকে বিধায়ক আৰু চৰকাৰৰ এনে  পদক্ষেপক স্বাগত জনাইছে ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.