হাইলাকান্দি,৬ মে': বিজেপিৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিধায়কে! নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু ছিদ্দিক আহমদে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলিছে বৰাকৰ এ আই ইউ ডি এফ দলৰ বিধায়কসকলে। ইফালে ছিদ্দিক আহমেদে এ আই ইউ ডি এফৰ বিধায়কসকলেহে বিজেপি দলৰ কাম কৰিছে বুলি অভিযোগ তুলিছে।
এই বাদানুবাদৰ মাজতে ২৩ মে'ৰ পিছতে বিজেপিত যোগদান কৰিব বৰাকৰ এগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়কে। ইতিমধ্যে ইয়াৰ বাবে সম্পন্ন হৈছে সকলো আনুষ্ঠানিকতা। লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰো কৰিছে এইগৰাকী প্ৰাক্তন বিধায়কে। কিন্তু তেওঁ গৌতম ৰয় নহয়, গৌতম ৰয়ৰ পুত্ৰ তথা আলগাপুৰৰ প্ৰাক্তন বিধায়ক ৰাহুল ৰয়হে। বিজেপি দলত যোগদান কৰাৰ পূৰ্বেই লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জ লোকসভা আসনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ প্ৰচাৰ চলাইছে প্ৰাক্তন বিধায়কগৰাকীয়ে। কেৱল সেয়াই নহয় শিলচৰৰ প্ৰাৰ্থী ৰাজদীপ ৰয়ৰ হৈও প্ৰচাৰ চলাই ৰাহুল ৰয়ে। বিজেপিত যোগদান কৰি আলগাপুৰৰ পৰিৱৰ্তে কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভাৰ পৰা অহা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ চেষ্টা চলাই আছে ৰাহুল ৰয়ে। ইতিমধ্যেই উধাৰবন্দ কালিবাড়ী ৰোডত এটা ঘৰো ক্ৰয় কৰিছে ৰাহুল ৰয়ে। লগতে যোৱা ১ বছৰৰ পৰাই এই অঞ্চলত বিভিন্ন ধৰণে প্ৰচাৰ ও চলাই আছে ৰাহুল ৰয়ে ।