নগাঁও: এটা জঘন্য ঘটনাই কঁপাই গৈছে মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাক ৷ দুটাকৈ পৰিয়ালৰ অবিবেচকীকাণ্ড, এগৰাকী চিকিৎসকৰ ধনৰ খঁক আৰু এজন যুৱকৰ প্ৰেমৰ নামত কামনা পূৰণৰ হাবিয়াসে মৃত্যুমুখলৈ ঠেলি দিলে এগৰাকী 14 বছৰীয়া কিশোৰীক ৷ চিকিৎসালয়ৰ বিচনাত চটফটাই চটফটাই মৃত্যুক সাৱটিলে কিশোৰীগৰাকীয়ে ৷
কিশোৰীগৰাকীৰ ঘৰ মৰিগাঁৱৰ জালুগুটি অঞ্চলত ৷ 14 বছৰ বয়সতে প্ৰেমত পৰিছিল এজন যুৱকৰ ৷ পিছে প্ৰেমৰ পৰিণতি অতি ভয়ংকৰ হৈ পৰিল ৷ দুয়োৰে মাজত গঢ় লৈ উঠা গাঢ় সম্পৰ্কৰ ফলশ্ৰুতিত অন্তঃসত্বা হয় কিশোৰীগৰাকী ৷ এই কথা জানিছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে প্ৰেমিকৰ ঘৰৰ মানুহেও ৷
দেওবাৰে নিশা নগাঁৱৰে এজন চিকিৎসকৰ ওচৰত গৰ্ভপাত কৰোৱা হৈছিল কিশোৰীগৰাকীৰ ৷ নগাঁও চহৰৰ শিৱ নগৰস্থিত প্ৰগতি মেটাৰনিটি নামৰ ডাঃ গোলাপ চন্দ্ৰ দত্তৰ ব্যক্তিগত চেম্বাৰত গৰ্ভপাত কৰোৱা হৈছিল কিশোৰীগৰাকীৰ ৷ কিন্তু কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত ভৰ্তি কৰোৱা হয় নগাঁৱৰে এখন ব্যক্তিগত চিকিৎসালয়ত ৷ তাতেই মৃত্যুক সাৱটি লয় কিশোৰীগৰাকীয়ে ৷
প্ৰেমিকৰ ভগ্নীয়ে দিলে বিস্ফোৰক স্বীকাৰোক্তি
‘‘মোৰ ভাইটিৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল কিশোৰীগৰাকীৰ ৷ যেতিয়া আমি জানিব পাৰিলোঁ গৰ্ভৱতী বুলি, আমাৰ মাহঁতে তাইক বিয়া কৰাই আনিব খুজিছিল ৷ কিন্তু তাইৰ মাকে বিয়া দিব নুখুজিলে ৷ মাত্ৰ গৰ্ভপাত কৰাবলৈ ক’লে ৷ 15 হাজাৰ টকা কৰ’বাৰ পৰা যোগাৰ কৰি তাইক বায়েকৰ ওচৰলৈ পঠিয়াই দিলে ৷ তাৰ পৰাই আমি দত্ত ছাৰৰ ওচৰলৈ নিছিলোঁ ৷ মই এইটো ৰিস্কি বুলি জানো, মানা কৰিছিলোঁ কিন্তু নামানিলে ৷ যেতিয়া ছাৰৰ তাত লৈ গ’ল, মই কৈছিলোঁ ছাৰক যে নাৰ্ছিং হোমলৈ লৈ ব’লক ৷ কিন্তু ছাৰে এনেকুৱা কেচ চেম্বাৰতেই কৰোঁ বুলি ক’লে ৷’’ কিশোৰীগৰাকীৰ প্ৰেমিকৰ ভগ্নীৰ ভাষ্য এয়া ৷ তেওঁ এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত ৷
তেওঁ লগতে কয়, ‘‘যেতিয়া কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক হৈ আহিল, তেতিয়া ছাৰে নিজেই গাড়ীৰে হাস্পতাললৈ লৈ আহিলে ৷ তাইৰ দেহত অক্সিজেন কমি গৈছিল, তেজ কমি গৈছিল ৷ মই তেজৰ বাবে বহুত ঘূৰিলোঁ ৷ কিন্তু তাই নাবাচিল ৷ ছাৰে 15 হাজাৰ টকা লৈছিল এই কামটোৰ বাবে ৷ মই নিজেও দোষী বুলি গম পাইছোঁ ৷ কিন্তু অলপ চেষ্টা কৰা হ'লে তাই বাচিলহেতেন ৷’’
কিশোৰীগৰাকীৰ মৃত্যুৰ পাচতেই নিশাই আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । কিশোৰীগাকীৰ প্ৰেমিকৰ ভগ্নীক নিজৰ জিম্মাত লৈ সোধা-পোছাও অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই ঘটনাত নিজৰ ভুলো সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰে তেওঁ ৷
ইপিনে, ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়ত সোমবাৰে পুৱা নগাঁও আৰক্ষী থানাত চিকিৎসক ডাঃ গোলাপ চন্দ্ৰ দত্তৰ লগতে মৃত কিশোৰীগৰাকীৰ প্ৰেমিক, প্ৰেমিকৰ ভগ্নীক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীৰ আত্মীয়ই । গৰ্ভপাত কৰোৱাৰ পাছত নিশাই কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ পাছত পুৱা চিকিৎসকগৰাকীৰ মন্তব্য গ্ৰহণৰ বাবে চিকিৎসকগৰাকীৰ বাসগৃহত ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হয় যদিও সেইসময়ত তেওঁ নিজৰ ঘৰত নাছিল । ঘটনাটো গুৰুতৰ হৈ পৰাত তেওঁ পলায়ন কৰা বুলি সকলোৱে সন্দেহ কৰিছে ৷
লগতে পঢ়ক: গড়াজানৰ নৃশংস হত্যাকাণ্ড: প্ৰেমিকেই যদি আছিল ষড়যন্ত্ৰকাৰী কিয় হ’ল হত্যাৰ বলি ?