হাইলাকান্দি, ১২ ফেব্ৰুৱাৰী: নকল প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপৰ ঘোষণা শিক্ষামন্ত্ৰীৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। মাধ্যমিক আৰু উচ্চমাধ্যমিক পৰীক্ষাত নকল প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা। সোমবাৰে হাইলাকান্দিত এখন চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি এইকথা ঘোষণা কৰে শিক্ষামন্ত্ৰী জনে।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
আজিৰে পৰা আৰম্ভ হ'ল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষা। উল্লেখ্য যে বিগত বৰ্ষত মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাত ব্যাপক খেলি-মেলি সংঘটিত হৈছিল । কেইবা স্থানটো ফাদিল হৈছিল প্ৰশ্ন কাকত । কিন্তু এইবেলি এনে পৰিস্থিতি ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সোমবাৰে এই কথা সদৰি কৰিলে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। । লগতে পৰীক্ষা কেন্দ্ৰ সমূহত চিচি কেমেৰা বাধ্যতামূলক আৰু আইন শৃংখলাৰ বাবে আৰক্ষীৰ ফ্লায়িং স্কোয়াড থাকিব বুলিও জানিব দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।
ইপিনে শিক্ষা মন্ত্ৰীৰ অনুষ্ঠানকলৈ হাইলাকান্দিত সৃষ্টি হৈছে আন এক বিতৰ্কৰ। মন্ত্ৰীৰ সভাত আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীক মঞ্চলৈ নমতাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে। এয়া জিলা প্ৰশাসনৰ ষড়যন্ত্ৰ আখ্যা দি বিধায়ক আৰু তেওঁৰ সমৰ্থক সকলে সভা চলি থকা অবস্থাতে সভাস্থলী ত্যাগ কৰে।