ETV Bharat / state

হাইলাকান্দিত জাপানীজ এনকেফেলাইটিছৰ আতংক - এন ইৰমবাচা সিংহ

ৰাজ্যখনৰ অন্যান্য জিলাৰ পিছত এইবাৰ হাইলাকান্দি জিলাত এন ইৰমবাচা সিংহ নামৰ এগৰাকী শিক্ষকৰ অচিন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয় ৷

এইবাৰ হাইলাকান্দিত জাপানিজ এনকেফেলাইটিছ
author img

By

Published : Jul 9, 2019, 4:26 PM IST

হাইলাকান্দি, 9 জুলাইঃ ক্ৰমে সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ ৰাজ্যখনৰ অন্যান্য জিলাৰ পিছত এইবাৰ হাইলাকান্দি জিলাত এন ইৰমবাচা সিংহ নামৰ এগৰাকী শিক্ষকৰ অচিন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয় ৷ উল্লেখযোগ্য যে, যোৱা 2 জুলাইত ব্যক্তি গৰাকীয়ে অত্যাধিক জ্বৰত আক্ৰান্ত হৈছিল আৰু প্ৰথমতে হাইলাকান্দি অসামৰিক হাস্পতালত আৰু পিছত শিলচৰৰ এখন বেচৰকাৰী নাৰ্চিং হোমত ভৰ্তি হৈছিল ৷ চিকিৎসকে জাপানীজ এনকেফেলাইাটিছ হোৱাৰ আশংকা প্ৰকাশ কৰি ৰক্ত পৰীক্ষাৰ নিৰ্দেশ দিছিল যদিও পৰীক্ষা কৰোৱাৰ আগতেই 7 জুলাই তাৰিখে ব্যক্তিজনৰ মৃত্যু হয় ৷ এই অচিন জ্বৰত শিক্ষকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ হাইলাকান্দিতে চাঞ্চল্য বিৰাজ কৰিছে ।

Intro:SLUG :: জ্বৰত অাক্ৰান্ত হৈ শিক্ষকৰ মৃত্যু। JE হোৱাৰ আশঙ্কা। চাঞ্চল্য হাইলাকান্দিত।

Body:O/C :: ৰাজ্যৰ অন্যান্য জিলাৰ পিছত এতিয়া জাপানিজ এনকেফেলাইটিজ'ৰ কালৰূপ হাইলাকান্দিত। যোৱা ৭ তাৰিখে হাইলাকান্দি জিলাৰ লালা থানাৰ মাদাৰিপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী বিষয় শিক্ষক এন ইৰমবাচা সিংহৰ মৃত্যু হয়। যোৱা ২ জুলাই তেওঁ জ্বৰত আক্ৰান্ত হৈছিল। আক্ৰান্ত হোৱাৰ পিছত প্ৰথমতে হাইলাকান্দি অসামৰিক হাস্পতালত আৰু পিছতে শিলচৰৰ এটা বেচৰকাৰী নাৰ্চিং হোমত চিকিৎসা কৰাই ও মৃত্যু হৈছিল শিক্ষক গৰাকীৰ। চিকিৎসকে জাপানিজ এনকেফেলাইাটিজ হোৱাৰ আশঙ্কা প্ৰকাশ কৰি ৰক্ত পৰীক্ষাৰ নিৰ্দেশ প্ৰদান কৰিলেও পৰীক্ষাৰ আগতেই মৃত্যু হয় শিক্ষক গৰাকীৰ। এই অচিন জ্বৰত শিক্ষকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে হাইলাকান্দিত।

byte :: Family memberConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.