ETV Bharat / state

ৰাজপথত আন্দোলন কৰি বিপদত বিদ্যালয় কৰ্তৃপক্ষ - Hailakandi District Administration

স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আন্দোলনত বহুৱাই বিপদত হাইলাকান্দিৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষ। কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু  জিলা শিশু সুৰক্ষা সমিতিৰ

ৰাজপথত আন্দোলন কৰি বিপদত বিদ্যালয় কৰ্তৃপক্ষ
author img

By

Published : Jul 11, 2019, 11:39 PM IST

হাইলাকান্দি,11 জুলাইঃ পুখুৰী সদৃশ জৰাজীৰ্ণ 154নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দাবীত ৰাজপথত আন্দোলনত নামি চৰম বিমোৰত পৰিল হাইলাকান্দিৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷ বেহাল 154 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ মেৰামতিৰ দাবীত সচেতন ৰাইজে বাৰম্বাৰ দাবী তথা অভিযোগ কৰি থকাৰ সত্বেও বিভাগীয় কৰ্তৃপক্ষই কোনো বিশেষ সহাৰি নেদেখুৱাত স্থানীয় ব্লু ফ্লাওৱাৰ্ছ নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এই প্ৰতিবাদে বিভাগীয় কৰ্তৃপক্ষৰ ধ্যান আকৰ্ষণ কৰাৰ পৰিৱৰ্তে বিদ্যালয়খনে জিলা প্ৰশাসনৰ পৰা লাভ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী ৷ ইপিনে জিলা শিশু সুৰক্ষা সমিতিয়েও বিদ্যালয় কৰ্তপক্ষৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ ৷ এই গোচৰক কেন্দ্ৰ কৰি ক্ষোভৰ সৃষ্টি হৈছে জিলাখনত ৷ স্থানীয় দল-সংগঠনে প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিশোধমূলক মানসিকতাৰ সলনি সমস্যা সমাধানত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাইছে।

Intro:SLUG :: আন্দোলনত স্কুলিয়া ছাত্ৰ ছাত্ৰী। হাইলাকান্দি বিদ্যালয়ৰ বিৰুদ্ধে থানাত গোচৰ।

Body:O/C :: স্কুলিয়া ছাত্ৰ ছাত্ৰীকলৈ আন্দোলন কৰি বিপাঙত পৰিব লগা হল হাইলাকান্দিৰ এখন বিদ্যালয় কতৃপক্ষক। হাইলাকান্দি জিলা শিশু সুৰক্ষা সমিতিয়ে স্থানীয় ব্লু ফ্লাওয়াৰ্ছ ইংৰাজী মাধ্যম বিদ্যালয়ৰ বিৰুদ্ধত ৰজু কৰিছে এটা গোচৰ।
Conclusion:
V/O :: পথাৰ সদৃশ্য পৰিবেশ ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। উপায়হীন হৈ আন্দোলনত স্কুলিয়া ছাত্ৰ ছাত্ৰী। পথ মেৰামতিৰ বাবে ছাত্ৰ ছাত্ৰীক লৈ আন্দোলন কৰি বিপাঙত বিদ্যালয় কতৃপক্ষ।
দীৰ্ঘ দিনৰ পৰা বেহাল অবস্থাত আছে হাইলাকান্দি জিলাৰ মাজমজিয়াৰে যোৱা ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। বাৰ বাৰ আভিযোগ কৰাৰ পিছতো বিভাগীয় কতৃপক্ষয় গ্ৰহন কৰা নাই কোন পদক্ষেপ। অবশেষত যোৱা মঙ্গলবাৰ স্থানীয় ব্লু ফ্লাওয়াৰ্ছ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এই প্ৰতিবাদে বিপদ মাতি আনিলে বিদ্যালয় কতৃপক্ষৰ বাবে। জিলা প্ৰশাসনে বিদ্যালয় কতৃপক্ষক দিলে এখন জাননী। লগতে জিলা শিশু সুৰক্ষা সমিতিয়ে হাইলাকান্দি সদৰ থানাত বিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধত ৰজু কৰিলে এখন গোচৰ।
ইপিনে এই গোচৰক কেন্দ্ৰ কৰি ক্ষোভৰ সৃষ্টি হৈছে হাইলাকান্দিত। স্থানীয় দল সংঘঠনে ইয়াৰ তীব্ৰ ভাষাত গৰিহনা দি জিলা প্ৰশাসনক গোচৰৰ পৰিবৰ্তে সমস্যা সমাধানত মন দিয়াৰ আহ্বান জনাইছে।

byte :: 1. Member Child welfare committee.
2. Local organisation

####
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.