ETV Bharat / state

হাইলাকান্দিত উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

author img

By

Published : Aug 23, 2020, 1:04 PM IST

হাইলাকান্দিত উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু তেওঁৰ ভাতৃ তথা বিভাগীয় অভিযন্তা নিজাম উদ্দিন লস্কৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷

উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

হাইলাকান্দি, 23 আগষ্ট: হাইলাকান্দিৰ কাটলিচেৰাত এটা উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ পূৰ্বৰ চৰকাৰৰ দিনতে কাটলিচেৰাৰ ধামছড়া গাঁৱত এটা উপ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰা হৈছিল যদিও বিকল হৈ পৰি আছিল কেন্দ্ৰটো ৷ যাৰ বাবে MSDP প্ৰকল্পৰ অধীনত সেই স্থানত এটা উপ স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণৰ বাবে 11.50 লাখ টকাৰ অনুদান কৰিছে বৰ্তমানৰ শাসনাধীন চৰকাৰ খনে ৷ কিন্তু স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণৰ পৰিৱৰ্তে পুৰণি উপ স্বাস্থ্যকেন্দ্ৰটোৱেই পুনৰ মেৰামতি কৰি কেন্দ্ৰটোৰ নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ বিভাগীয় অভিযন্তা তথা সমষ্টিটোৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ ভাতৃ নিজাম উদ্দিন লস্কৰ আৰু বিধায়ক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সম্প্ৰতি সেই উপ স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণৰ নামত কৰি থকা অনিয়মৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে স্থানীয় লোকে ৷

হাইলাকান্দিত উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

লগতে পঢ়ক: বকোত শোকাৱহ পথ দুৰ্ঘটনাত নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.