ETV Bharat / state

হাইলাকান্দিত জলসম্পদ বিভাগৰ তদন্তত মুখ্যমন্ত্ৰী তদাৰকী শাখা - assam news

"2010 চনত বৰাক নদীৰ কৰাল গ্ৰাসত ক্ষতিগ্ৰস্থ হৈছিল 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটি বৃহৎ অংশ ৷ ইয়াৰ পাচতেই জলসম্পদ বিভাগলৈ ভগা অংশ মেৰামতিৰ বাবে কেইবা কোটি টকা আগবঢ়াইছিল চৰকাৰে ৷ কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণভাৱে মেৰামতি হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ"

হাইলাকান্দিত জলসম্পদ বিভাগৰ তদন্তত মুখ্যমন্ত্ৰী তদাৰকী শাখা
author img

By

Published : Jun 3, 2019, 5:50 PM IST

হাইলাকান্দি, 3 জুনঃ হাইলাকান্দিত জলসম্পদ বিভাগৰ তদন্তৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দল ৷ 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি সম্পৰ্কে জানিবলৈ উপস্থিত হয় দলটো ৷ উল্লেখ্য যে, 2010 চনত বৰাক নদীৰ কৰাল গ্ৰাসত ক্ষতিগ্ৰস্ত হৈছিল 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটি বৃহৎ অংশ ৷ ভঙা অংশ মেৰামতিৰ বাবে জলসম্পদ বিভাগক চৰকাৰে কেইবাকোটি টকা আৱণ্টন দিছিল যদিও বৰ্তমান পৰ্যন্ত সম্পূৰ্ণভাৱে মেৰামতি হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ ৷ যাৰ বাবে জল সম্পদ বিভাগে পাচগ্ৰামৰ এই ভঙা অংশ প্ৰতিৰোধৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি 2017 চনত মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল একাংশ স্থানীয় লোক ৷ ইয়াৰ পাচতেই মুখ্যমন্ত্ৰীয়ে তদাৰকী শাখাক এই দুৰ্নীতিৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিছিল ৷ সেই পৰিপ্ৰেক্ষিততে সোমবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা তদন্তকাৰী দলে উক্ত ঠাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে শিলচৰ এন আই টিৰ পৰা এটা টেকনিকেল দলো উপস্থিত থাকে ৷ আনহাতে, বৰাক নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ বাবেই তদন্ত সম্ভৱ হোৱা নাই বুলি মন্তব্য তদাৰকী দলটোৰ ৷

SLUG :: হাইলাকান্দিত জলসম্পদ বিভাগৰ তদন্তত মুখ্যমন্ত্ৰীৰ ভিজিল্যান্স টিম। 

O/C :: ২০১০ সনত বৰাক নদীৰ কৰাল গ্ৰাসত ক্ষতিগ্ৰস্থ হৈছিল ৫৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ এটা অংশ। ইয়াৰ পিছৰ পৰাই জলসম্পদ বিভাগে এই ভাঙা অংশ মেৰামতিৰ বাবে বৰাদ্ধ কৰি আহিছে কেইবা কোটি টকা। কিন্তু আজি লৈকে সম্পূৰ্ণ ভাৱে মেৰামতি হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ। জলসম্পদ বিভাগে পাচগ্ৰামৰ এই ভাঙ্গন প্ৰতিৰোধৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি ২০১৭ সনত মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল স্থানীয় লোক। পিছত মুখ্যমন্ত্ৰীয়ে ভিজিল্যান্স কোষক এই দুৰ্নীতিৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিছিল। আজি মুখ্যমন্ত্ৰীৰ ভিজিল্যান্স কোষৰ এটা তদন্তকাৰী দল এই ভাঙ্গন স্থলীত উপস্হিত হৈ পৰিস্হিতিৰ বোজ লয়। লগতে শিলচৰ এন আই টিৰ পৰা এটা টেকনিকেল টিমও উপস্হিত থাকে। কিন্তু বৰ্তমান পৰিস্হিতিত বৰাক নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে তদন্ত সম্ভব হোৱা নাই। 

byte :: 1. DSP CM vigilance Team
2. Local

#######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.