হাইলাকান্দি, 14 মাৰ্চ : হাইলাকান্দিৰ পাচগ্ৰামত থকা কাছাৰ কাগজ কলত অঘটন। কাগজ কলৰ টাউনশ্বিপত শুকুৰবাৰে মৃত্যু হয় এগৰাকী কৰ্মীৰ। জানিব পৰা মতে, ছমাহ পূৰ্বে ব্ৰেন ষ্ট্ৰোক হৈছিল আব্দুল হক নামৰ কৰ্মীজনৰ। অৰ্থৰ অভাৱত কৰ্মীজনৰ পৰিয়ালটোৱে উন্নত চিকিৎসা প্ৰদান কৰিবলৈ অক্ষম হয়। ছমাহৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কেৱল নাম মাত্ৰ চিকিৎসা চলাৰ পাছতে শুকুৰবাৰে মৃত্যু হয় আব্দুল হকৰ।
শনিবাৰে কৰ্মীজনৰ নশ্বৰ দেহ পাচগ্ৰাম টাউনশ্বিপলৈ অনাৰ পাছত জানাজাৰ নামাজ অনুষ্ঠিত হয়। উল্লেখ্য যে, কাগজ কলৰ এই গৰাকী কৰ্মচাৰীৰ লগতে অৰ্থৰ অভাৱত মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা ৬৩লৈ বৃদ্ধি পাইছে। আব্দুল হকৰ মৃত্যুৰ পাছতে এতিয়া সম্পূৰ্ণ কাগজ কল চৌহদত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ। কাৰণ বিগত তিনি বছৰৰ পৰা কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হৈ থকাৰ ফলত এজনৰ পাছত আনজন কৰ্মচাৰী চিকিৎসাৰ অভাৱত মৃত্যু হোৱা বাবে কেন্দ্ৰ চৰকাৰক জগৰীয়া কৰিছে কাছাৰ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীসকলে।
লগতে পঢ়কঃ 83 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা