ETV Bharat / state

হাইলাকান্দিত চৰকাৰ সলনি হয় যদিও সলনি নহয় পথৰ দুৰৱস্থা

author img

By

Published : Jul 2, 2020, 1:41 PM IST

বছৰ বছৰ ধৰি পথটো মেৰামতি নোহোৱাৰ ফলত পথৰ গাতবোৰৰ পানীত মাছ পুহিব পৰা হৈছে ৷ আনহাতে যাতায়াতৰ ক্ষেত্ৰত অতি ভয়াৱহ হৈ পৰা এই পথটোত কাঠলিছড়া সমষ্টিৰ ৰাইজে সাঙীত ৰোগী কঢ়িয়াব লাগে ৷

Hailakandi
হাইলাকান্দি

হাইলাকান্দি, 2 জুলাইঃ হাইলাকান্দি জিলাৰ কাঠলিছড়া সমষ্টিৰ অন্তৰ্গত কৃষ্ণপুৰ অঞ্চলৰ পথৰ দুৰৱস্থাৰ ফলত অতিষ্ঠ হৈ পৰিছে ৰাইজ । পথৰ ওপৰত ঠায়ে ঠায়ে গাঁত ৷ গাঁতত পানী জমা হোৱাৰ ফলত পথ পৰিণত হৈছে পথাৰত ৷ ৰাইজৰ বহু অনুৰোধ,প্ৰতিবাদৰ পাছতো কৃষ্ণপুৰবাসীৰ পথচোৱাৰ বাবে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সুজাম উদ্দিন লস্কৰে ৷ ফলত শুকুৰবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷

হাইলাকান্দি

লগতে পঢ়কঃ ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে

বছৰ বছৰ ধৰি পথটো মেৰামতি নোহোৱাৰ ফলত পথৰ গাতবোৰৰ পানীত মাছ পুহিব পৰা হৈছে ৷ আনহাতে যাতায়াতৰ ক্ষেত্ৰত অতি ভয়াৱহ হৈ পৰা এই পথটোত কাঠলিছড়া সমষ্টিৰ ৰাইজে সাঙিত ৰোগী কঢ়িয়াব লাগে ৷ তৎসত্বেও সমষ্টিবাসীক লৈ কোনো গুৰুত্ব নাই বিধায়কৰ ৷ AIUDF দলৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ এনে কৰ্মকাণ্ডৰ ফলত এতিয়া বিপদত পৰিছে স্থানীয় ৰাইজ। শীঘ্ৰে পথটো মেৰামতিৰ কৰি দিয়া দাবী জনাইছে স্থানীয় ৰাইজে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.