হাইলাকান্দি,5 নৱেম্বৰ : ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ পাচতো যোগান বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষুব্ধ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতি ৷
বৃহস্পতিবাৰে জিলাখনৰ জানকী বজাৰত 154 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে ৷
যদি চৰকাৰে শীঘ্ৰেই মুল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে আগন্তুক দিনত বৃহত্তৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাই হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : আলু-পিয়াঁজৰ মালা পিন্ধি আমছুৰ প্ৰতিবাদ