ETV Bharat / state

কৰ'ণা ভাইৰাছতকৈ অধিক ভয়ানক কংগ্ৰেছঃ অতুল বৰা - বৰাক উপত্যকা

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰাক উপত্যাকাত অগপ দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ হাইলাকান্দিত অগপ দলৰ দলীয় সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি অতুল বৰাই ৷

agp-meeting-atul-bora-visit-hailakandi
কৰ'ণা ভাইৰাছতকৈ অধিক ভয়ানক কংগ্ৰেছঃ অতুল বৰা
author img

By

Published : Jan 6, 2021, 7:16 PM IST

হাইলাকান্দি, 6 জানুৱাৰী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে ৰাজনৈতিক দল সমূহৰ মাজতো বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ ইতিমধ্যে বৰাক উপত্যকাতো বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৷ বুধবাৰেও হাইলাকান্দিত উপস্থিত হয় অগপৰ সভাপতি অতুল বৰা ৷ বুধবাৰে হাইলাকান্দিত উপস্থিত হৈ জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰে অতুল বৰাই ৷ অতুল বৰাই হাইলাকান্দি জিলাৰ কাটাখালাৰ পৰা আলগাপুৰলৈকে আয়োজিত এক বাইক ৰেলীতো অংশগ্ৰহণ কৰে ৷

কৰ'ণা ভাইৰাছতকৈ অধিক ভয়ানক কংগ্ৰেছঃ অতুল বৰা

তদুপৰি অতুল বৰাই হাইলাকান্দিত অগপ দলৰ দলীয় সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ, এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰে ৷ অতুল বৰাই কংগ্ৰেছক কৰ‘ণা ভাইৰাছতকৈও ভয়ংকৰ বুলি আখ্যা দিয়ে ৷ আনহাতে এআইইউডিএফক সমালোচনা কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে, ধৰ্মীয় ৰাজনীতি কৰা সকলক ৰাইজে কেতিয়াও প্ৰশ্ৰয় নিদি আগন্তুক নিৰ্বাচনত উৎসাত কৰিব ৷

লগতে পঢ়ক : কোন বন্ধুৰ সৈতে নিশা অতিবাহিত কৰিছিল সাংসদ পুত্ৰই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.