হাইলাকান্দি, 10 এপ্ৰিলঃ অসমৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু । মৃত্যু হোৱা লোকজন হাইলাকান্দিৰ ফইজুল হক বৰভূঞা । লোকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । 65 বছৰীয়া আছিল লোক জন । বৃহস্পতিবাৰে নিশা প্ৰায় 2.15 বজাত মৃত্যু হয় লোকজনৰ । টুইটযোগে মৃত্যুৰ তথ্য অৱগত কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে সন্ধিয়া ফইজুল হকৰ অৱস্থা সংকটজনক বুলিও টুইটযোগে জনাইছিল স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । অসমৰ প্ৰথমজন COVID-19 আক্ৰান্তৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
বৰ্তমানলৈ অসমত 29 জন লোকৰ শৰীৰত COVID-19 ৰ অৱস্থিতি পোৱা গৈছে । আনহাতে কৰ'ণাত প্ৰথমটো মৃত্যুৰ ঘটনাৰ পাচত লক ডাউনৰ সন্দৰ্ভত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া গুৰুত্বপূৰ্ণ হ'ব । শুকুৰবাৰে ব্যক্তিগৰাকীৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা হাইলাকান্দিলৈ অনাৰ পিছত ইটৰকান্দিত জানাজা সম্পূৰ্ণ কৰে প্ৰশাসনৰ লোকে । জানাজাত পৰিয়ালৰ লোকক অংশগ্ৰহণৰ অনুমতি নিদিয়ে প্ৰশাসনে ৷ আনফালে এই ঘটনাৰ পিছতে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চেনিটাইজ কৰা হয় ৷
লগতে চাওকঃ শুকুৰবাৰৰ পৰা বাহন চলাচলত গুৱাহাটীত যুগ্ম-অযুগ্ম নীতি প্ৰৱৰ্তন