ETV Bharat / state

উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি যুৱতীৰ কৰুণ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 11:21 AM IST

বিদ্যুৎ বিভাগৰ উদাসীনতা ! দিৰিং বাগিচাৰ কাৰ্যালয়ৰ কাষত স্থাপিত উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি যুৱতীৰ মৃত্যু ৷

Young woman dies
উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি যুৱতীৰ কৰুণ মৃত্যু
উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি যুৱতীৰ কৰুণ মৃত্যু

কাজিৰঙা, 13 ডিচেম্বৰ : কাজিৰঙাৰ দিৰিঙত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ দিৰিং বাগিচাৰ কাৰ্যালয়ৰ কাষত স্থাপিত এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি এগৰাকী যুৱতীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷

বুধবাৰে পুৱা কাজিৰঙাৰ দিৰিং চাহ বাগিচা এলেকাত দিৰিং বাগিচাৰ কাৰ্যালয়ৰ কাষত স্থাপিত উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি যুৱতীগৰাকী মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ একাংশ কণ কণ শিশুৱে খেলি থকা অৱস্থাত যুৱতীগৰাকীক মাটিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে ৷

লগে লগে স্থানীয় লোক সেই স্থানত উপস্থিত হৈ ট্ৰেন্সফৰ্মাৰৰ কাষতে দিৰিং বৰলাইনৰ জগত বাউৰীৰ কন্যা পুষ্প বাউৰী (35) ক মাটিত পৰি থকা দেখা পায় ৷ যুৱতীগৰাকীক পৰিয়ালৰ লোক আৰু স্থানীয় লোকে ঘৰলৈ নি পৰিচৰ্যা আৰম্ভ কৰে যদিও ইতিমধ্যেই যুৱতীগৰাকীৰ মৃত্যু হয় ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হৈছে ৷ বৰ্তমান ঘটনাস্থলীত কঁহৰা আৰক্ষী উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷

একাংশ ৰাইজে কৰা অভিযোগ মতে, কাজিৰঙাৰ দিৰিং চাহ বাগিচাৰ কাৰ্যালয়ৰ কাষত স্থাপিত হোৱা ট্ৰেন্সফৰ্মাৰটোৰ কেওকাষে বেৰ আছে যদিও সেয়া নিয়ম মাফিকহে ৷ কাৰণ, ট্ৰেন্সফৰ্মাৰৰ একপ্ৰকাৰ গাতে লাগি থকা বেৰখনৰ বাহিৰৰ পৰাই ট্ৰেন্সফৰ্মাৰটো চুব পাৰি ৷ ই অত্যন্ত বিপদজনক ৷

আনকি, সেই স্থানতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলো খেলি থাকে ৷ গতিকে এই ট্ৰেন্সফৰ্মাৰে কণ কণ শিশুসকলৰ জীৱনলৈও ভাবুকি কঢ়য়াই অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

উল্লেখ্য যে, মানুহৰ জীৱনক তুচ্ছ জ্ঞান কৰি বাগিচাৰ দৰিদ্ৰ জনগণৰ দীৰ্ঘদিনীয়া এই সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰী বিভাগে হেমাহি কৰা পৰিলক্ষিত হৈছে ৷ বিভাগৰ এনে উদাসীনতাৰ ফলতেই বুধবাৰে একপ্ৰকাৰৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত লাগি এগৰাকী যুৱতীৰ মৃত্যুৰ দৰে কৰুণ ঘটনা সংঘটিত হ’বলৈ পালে বুলি একাংশ ৰাইজে ক্ষোভ উজাৰিছে ৷

লগতে পঢ়ক: সম্পত্তিৰ বাবেই শাহুৱেকক ঘৰৰ পৰা খেদিলে বোৱাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.