ETV Bharat / state

বগীধলাত মৃত্যুৰ বিভীষিকাঃ নিৰ্বিকাৰ চাহ জনগোষ্ঠীয় প্ৰতিনিধি

author img

By

Published : Jun 16, 2019, 5:55 PM IST

তীব্ৰ আৰ্থিক অনাটনৰ মাজত বগীধলা চাহ বাগিচাৰ শ্ৰমিক ৷ বিনা চিকিৎসাই মৃত্যুক সাৱটিছে ইজনৰ পাচত সিজন শ্ৰমিকে ৷ নিৰ্বিকাৰ প্ৰশাসন, নিৰ্বিকাৰ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল সংগঠন ৷

গোলাঘাট বগীধলা চাহ বাগিচাত মৃত্যুৰ বিভীষিকা

গোলাঘাট, 16 জুন : গোলাঘাট বগীধলা চাহ বাগিচাত এতিয়া মৃত্যুৰ বিভীষিকা ৷ বিগত দুটা বছৰ ধৰি বন্ধ হৈ থকা চাহ বাগিচাখনত আৰ্থিক অনাটনৰ বাবে এতিয়া বিনা চিকিৎসাই মৃত্যুক সাৱটিছে ইজনৰ পাচত সিজন শ্ৰমিকে ৷ যদিও এইক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা প্ৰশাসন, চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল সংগঠনৰ ৷

দু-বছৰ পূৰ্বে বাগিচাখনৰ মালিক সুধিৰ আৰু সমীৰ ৰয়ে শ্ৰমিকৰ প্ৰাপ্য বিচাৰি যাঁওতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ পাচৰ পৰাই বন্ধ হৈ পৰি আছে বাগিচাখন । পাচৰ পৰ্যায়ত বাৰম্বাৰ শ্ৰমিক সকলে চাহ জনজাতীয় নেতা পল্লৱ লোচন দাস, ৰামেশ্বৰ তেলীকে ধৰি বহু নেতাক বাগিচাখন পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ অনুৰোধ জনাই আহছে । যদিও নিৰ্বাচনৰ পাচত সকলোৱে তেওঁলোকৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ শ্ৰমিকসকলৰ ।

গোলাঘাট বগীধলা চাহ বাগিচাত মৃত্যুৰ বিভীষিকা

যাৰ ফলত বৰ্তমান বাগিচাখনৰ শ্ৰমিক সকলৰ মাজত দেখা দিছে আৰ্থিক অনাটনে । এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন কটাবলগীয়া হৈছে বাগিচাখনৰ শ শ শ্ৰমিকে । বিগত দুটা বছৰত বাগিচাখনৰ শতাধিক শ্ৰমিক ৰোগত আক্ৰান্ত হৈ বিনা চিকিৎসাই আঁকোৱালি ল'ব লগা হৈছে মৃত্যুক ৷ দেওবাৰেও পুটকী মালি নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলা শ্ৰমিকে চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে বাগিচাখনত ।

কিন্তু চাহ শ্ৰমিকৰ এই দুখ দুৰ্দশা ৰ কথা শুনিবলৈ কেতিয়া আহৰি হ'ব চৰকাৰৰ ৷ সেইয়াহে লক্ষ্যণীয় হ'ব ৷

Intro:গোলাঘাট বগীধলা চাহ বাগিচাত এতিয়া মৃত্যুৰ কিৰিলি। দুটা বছৰ ধৰি বন্ধ হৈ আছে চাহ বাগিচা খন। দুবছৰে আৰ্থিক অনাটনৰ বাবে বিনা চিকিৎসাই মৃত্যু বহু কেইজন শ্ৰমিকৰ ।
Body:দুটা বছৰ পূৰ্বে গোলাঘাট বগীধলা চাহ বাগিচাৰ মালিকপক্ষই শ্ৰমিক ৰ ওপৰত নিৰ্বিচাৰ গুলিচালনা ফলত বন্ধ হোৱা প্ৰায় এহেজাৰো অধিক শ্ৰমিকৰ বাগিচাখনত এতিয়া ৰোগত আক্রান্ত হৈ বিনা চিকিৎসাই শতাধিক শ্ৰমিকৰ মৃত্যু ।নিৰ্বিকাৰ প্ৰশাসন নিৰ্বিকাৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দল সংগঠনৰ । ভোকে লঘূণে বেমাৰে আজাৰে মৃত্যুৰ ক্ষণ গনিছে গোলাঘাট বগীধলা চাহ বাগিচাৰ শ্ৰমিক সকলে। কিয়নো আজি দুটা বছৰে মালিক সুধিৰ আৰু সমীৰ ৰয়ে শ্ৰমিকৰ প্ৰাপ্য বিচাৰি যাঁওতে নিৰ্বিচাৰ গুলি চালনা কৰাৰ পিছৰ পৰাই বন্ধ হৈ পৰি আছে বাগিচাখন। ঘটনা সংঘটিত হোৱাৰ সময়চোৱাত বাগিচা খনলৈ আগমন হৈছিল বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতাৰ । বাৰম্বাৰ শ্ৰমিক সকলে চাহ জনজাতিয় নেতা পল্লৱ লোচন দাস, ৰামেশ্বৰ টেলিকে ধৰি বহু নেতাক বাগিচা খন পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ অনুৰোধ জনাইছিল। কিন্তু নিৰ্বাচনৰ পিছত সকলোৱে পিঠি দিয়াৰ অভিযোগ কৰিছে শ্ৰমিক সকলে । যাৰ ফলত বৰ্তমান বাগিচা খনৰ শ্ৰমিক সকলৰ মাজত দেখা দিছে আৰ্থিক অনাটনে । এসাজ খাই এসাজ নোখোৱাকৈ উৰুখা পঁজাত দিন কটাব লগীয়া হৈছে শ শ শ্ৰমিকে । অনাহাৰ অনিদ্ৰাত ৰোগাকান্ত হৈ বিনা চিকিৎসাই বিচনাত পৰি জীৱন কতাইছে শ্ৰমিক সকলে । আনহাতে বিগত দুটা বছৰত বাগিচা খনৰ শতাধিক শ্ৰমিক ৰোগত আক্রান্ত হৈ বিনা চিকিৎসা ই আঁকোৱালি লব লগা হৈছে মৃত্য । আজিও পুটকী মালি নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলা শ্ৰমিক চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আঁকোৱালি লব লগা হোৱা ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে বাগিচা খনত । ইমানৰ পিছতো ৰজাঘৰীয়া ক শ্ৰমিক সকলে বহু আবেদন নিবেদন কৰিও আজি পৰ্যন্ত বাগিচা খন পুনৰ কাৰ্যক্ষম নকৰিলে চৰকাৰে । এতিয়া কথাটো এই সকল শ্ৰমিকৰ দুখ দুৰ্দশা ৰ কথা কেতিয়াবা বুজিব নে চৰকাৰ প্ৰশাসনে ।।Conclusion:Byte 1 , 2 : শ্ৰমিক , বগীধলা চাহ বাগিচা
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.