ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কাজিৰঙাবাসীয়ে - বন্যহস্তীৰ জাকে নিতৌ তহিলং

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ উপদ্ৰৱ । বনকৰ্মী আৰু আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টা সত্বেও কমা নাই হাতীৰ উপদ্ৰৱ ৷ ফলত স্থানীয় লোকৰ বৃহৎ কৃষিভূমিৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷

Wild elephants menace in kaziranga national park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:09 AM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী

কাজিৰঙা, 24 নৱেম্বৰ : জিলিৰ মাত অথবা চৰাইৰ কাকলিত নহয়, সম্প্ৰতি বন্দুকৰ শব্দত কঁপিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বন্যহস্তীক হাবিলৈ ঘূৰাই পঠিয়াবলৈ প্ৰায় প্ৰতি নিশাই চেষ্টা চলাইছে যদিও সফল হোৱা নাই বনকৰ্মী আৰু আৰক্ষী ৷ ব্যতিক্ৰম নহয় বৃহস্পতিবাৰৰ নিশাও ৷ সন্ধিয়াৰে পৰাই বনকৰ্মী আৰু আৰক্ষীয়ে চলায় হাতী খেদাৰ অভিযান ৷

লক্ষণীয় বিষয় যে, তথাকথিত উন্নয়ন অৰ্থাৎ জীৱশ্ৰেষ্ঠৰ উৎপাতত সম্প্ৰতি কাজিৰঙাৰ কাষৰীয়া পাহাৰ, হোলাৰ পৰা হেৰাবলৈ ধৰিছে সেউজীয়া ৷ বনৰীয়া হাতীৰ কথা বাদেই, বাৰিষা কালত কাজিৰঙাৰ পোহনীয়া হাতী বান্ধিবলৈয়ো হোলা-পাহাৰ নোহোৱা হৈ আহিছে বুলি স্থানীয় লোকে জনায় ৷

পূৰ্বে পিলখানাৰ আশে-পাশে হোলাবোৰত বাঁহ, ঘাঁহ-বননিৰে ভৰি আছিল ৷ হাতীৰ বাবে অনেক খাদ্য থকাৰ লগতে বগৰিজুৰি, পিলখানাৰ কাষৰ আন এটা সৰু পাহাৰ লাহাটিকাত কিছু বছৰৰ আগলৈকে 6 মাহ পৰ্যন্ত হাতী বান্ধি ৰাখিলেও খাদ্যৰ নাটনিয়ে দেখা দিয়া নাছিল ৷ কিন্তু বৰ্তমান সেই পৰিৱেশ নাই বুলি আক্ষেপ প্ৰকাশ কৰে স্থানীয় লোকে ৷

স্থানীয় ৰাইজৰ অভিযোগ, সম্প্ৰতি পুঁজিপতিৰ আগ্ৰাসনত উক্ত স্থানবোৰত অট্টালিকাৰ নিৰ্মাণ হ'ল ৷ যাৰ পৰিণতিতেই পাহাৰ-হোলাত হোৱা খাদ্য সংকটৰ বাবে বনৰীয়া হাতী কহঁৰাৰ বিভিন্ন গাঁও, পথাৰলৈ আহিবলগীয়া হৈছে ৷ ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নিতৌ তহিলং কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বিভিন্ন ধাননি পথাৰ ৷ ফলত ক্ৰমাগত হাৰত বৃদ্ধি পাইছে কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ ।

সংবাদ মাধ্যমৰ আগত স্থানীয় লোকে জানিবলৈ দিয়া মতে, বন্যহস্তীৰ উপদ্ৰৱত তেওঁলোকৰ বৃহৎ কৃষিভূমিৰ ক্ষয়-ক্ষতি হৈছে ৷ ইয়াৰ সমান্তৰালকৈ স্থানীয় লোকৰে প্ৰতিনিশাই বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে ৷

লগতে পঢ়ক: আলহী পক্ষীৰ কোলাহলত পুৱাৰ ৰ’দে ৰিঙিয়াইছে মাগুৰি বিলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.