ETV Bharat / state

গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ উপদ্ৰৱ

author img

By

Published : Sep 22, 2020, 12:19 PM IST

গোলাঘাটৰ 2 নং দৈগ্ৰোঙৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা বন্যহস্তীৰ বৃহৎ জাকে উপদ্ৰৱ চলায় ৷ ফলত ঘাইপথটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷

Wild elephant terror at 39th NH of Golaghat
গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ উপদ্ৰৱ

গোলাঘাট, 22 ছেপ্তেম্বৰ : গোলাঘাটৰ 2 নং দৈগ্ৰোঙৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা বন্যহস্তীৰ বৃহৎ জাকে উপদ্ৰৱ চলায় ৷ ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাত সেই পথেৰে অহা-যোৱা কৰা শ শ যান বাহন আবদ্ধ হৈ পৰে ৷ প্ৰায় এশৰো অধিক হাতীৰ জাকটোৱে পথাচাৰীলৈও চোঁচা লয় ৷ দিনৰ ভাগত দৈগ্ৰোং চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকটো সন্ধিয়া হোৱাৰ লগে লগে কাষৰীয়া হালোৱা গাঁৱৰ ধাননি পথাৰত বিস্তৰ ক্ষতি সাধন কৰি মহতিয়াই নষ্ট কৰে ।

কৃষক আৰু স্থানীয় বকিয়াল বনবিভাগৰ যৌথ প্ৰচেষ্টাত বন্যহস্তীৰ জাকটো ধাননি পথাৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় যদিও পুনৰ দৈগ্ৰোং চাহ বাগিচাৰ মাজেৰে আহি 39 নং ৰাষ্ট্ৰীয় ঘাইপথত উপদ্ৰৱ চলায় ৷ বহু সময়ৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰি ফুলনি গাঁও আৰু মাধৱপুৰ গাঁৱত উপদ্ৰৱ চলাই হাতীৰ জাকটোৱে ৷

অৱশেষত বকিয়াল বনবিভাগে হাতীৰ জাকটোক গোবিন্দপুৰ বাগিচাৰ মাজলৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷ যোৱা এমাহ ধৰি হাতীৰ এই জাকটো কেইবাটাও দলত বিভক্ত হৈ বৃহত্তৰ গোলাঘাটৰ মৰঙি মৌজাত সন্ত্ৰাস চলাই আহিছে ৷ বিস্তৰ ক্ষতিসাধনৰ সন্মুখীন হোৱা ভূক্তভোগী ৰাইজে বন বিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক : "ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ"ত অন্তভুক্ত টীয়কৰ বিশ্বজ্যোতিৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.