সৰুপথাৰ,12 জুনঃ ৰাজ্য চৰকাৰে যিমানে শূণ্য সহনশীলতাৰ কথা নকওক কিয়,একাংশ চৰকাৰী-বিষয়া কৰ্মচাৰী কিন্তু এতিয়াও লিপ্ত দুৰ্নীতিত ৷ এইবাৰ গ্ৰাম্য অৰ্থনীতি আৰু গ্ৰামাঞ্চলৰ যাতায়ত সূচল কৰিবৰ বাবে চৰকাৰে পঞ্চায়তৰ জৰিয়তে কৰিবলৈ লোৱা পকী পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম | জানিব পৰা মতে,গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙানী গাঁও পঞ্চায়তৰ শামুকজান গাঁৱত এটি পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে শামুকজান গাঁৱত ১০৪ মিটাৰ পথৰ চি.চি.ব্লকৰ কামৰ বাবে 6লাখ টকাৰ অনুমোদন কৰা হৈছিল ৷ কিন্তু পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী-বিষয়া কৰ্মচাৰী তথা ইঞ্জিনীয়াৰে মিলি চৰকাৰী নীতি-নিৰ্দেশনাক জলাঞ্জলি দি স্থানীয় ৰাইজৰ লগতে নিৰ্মাণ সমিতি,তদাৰক সমিতিক অন্ধকাৰত ৰাখি অতি নিম্ন মানদণ্ডৰে পথ নিৰ্মাণ়ৰ কাম কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অতি শীঘ্ৰে উন্নত মানদণ্ডৰে পথ নিৰ্মাণৰ কাম কৰিবলৈ দাবী তোলাৰ লগতে আঁচনিৰ মতে কামসমূহ সম্পূৰ্ণ কৰাৰ দাবী অঞ্চলটোৰ ৰাইজৰ ৷
লগতে পঢ়কঃযিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল