ETV Bharat / state

শিৱ থাপাৰ পাচতে বক্সাৰ অভিনৱ শইকীয়াৰ ৰেকৰ্ড; উৎফুল্লিত গোলঘাটবাসী

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 5:56 PM IST

সপ্তম পুৰুষ ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত উজলিল অসম সন্তান বক্সাৰ অভিনৱ শইকীয়া ৷ দেওবাৰে গোলাঘাটত উপস্থিত হোৱাৰ পাচতে খেলুৱৈগৰাকীক উষ্ম আদৰণি গোলাঘাটৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ ৷

Warm Welcome to Boxer Avinob Saikia
শিৱ থাপাৰ পাচতে বক্সাৰ অভিনৱ শইকীয়াৰ ৰেকৰ্ড

গোলাঘাট, 10 ডিচেম্বৰ : মেঘালয়ত অনুষ্ঠিত হৈ যোৱা সপ্তম পুৰুষ ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত উজলিল অসম সন্তান বক্সাৰ অভিনৱ শইকীয়া ৷ উক্ত প্ৰতিযোগিতাতে শইকীয়াই ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ‘বেষ্ট চেলেঞ্জ বক্সাৰ অব দ্য টুৰ্ণামেন্টৰ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, দেওবাৰে গৃহজিলা গোলাঘাটত উপস্থিত হোৱাৰ পাচতে বক্সাৰ অভিনৱ শইকীয়াক উষ্ম আদৰণি জনায় গোলাঘাট জিলাৰ বিভিন্ন ক্ৰীড়া সংগঠনে ৷

গোলাঘাটৰ প্ৰগতি চ’ৰাত অনুষ্ঠিত এক সভাত খেলুৱৈগৰাকীক আজি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায় ৷ গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থা উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত খেলুৱৈগৰাকীৰ লগতে তেওঁৰ পিতৃ অজিত শইকীয়া আৰু মাতৃ মৌচুমী শইকীয়া বৰগোহাঁইকো সম্বৰ্ধনা জনায় দল সংগঠনে ৷ উক্ত অনুষ্ঠানত অসম এমেচাৰ বক্সিং সন্থাৰ যুটিয়া সম্পাদক দেৱ বৰা, গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ সম্পাদক আঞ্জাৰ হুছেইনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ নিবাসী বক্সাৰ অভিনৱ শইকীয়াই কয় যে, চিনিয়ৰ শাখাত প্ৰথমবাৰৰ বাবে ৰূপৰ পদক অৰ্জন কৰি আনন্দিত ৷ আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহত পদক আনিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলিও শইকীয়াই উল্লেখ কৰে ৷ লগতে গুৱাহাটী, বুলগেৰিয়া, পেৰিছ অলিম্পিকৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাচনিত প্ৰক্ৰিয়াৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবও বুলি সাংবাদিকৰ আগত মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য যে, অভিনৱ শইকীয়াই 2017 বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক, 2018 বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত হোৱা খেল ইণ্ডিয়া যুৱ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয়খন খেল ইণ্ডিয়া যুৱ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তদুপৰিও অসমত ৰাষ্ট্ৰীয় চিনিয়ৰ বক্সিং প্ৰতিযোগিতাত শিৱ থাপাৰ পাচতে অভিনৱ শইকীয়াই পদত অৰ্জন কৰা তৃতীয় গৰাকী খেলুৱৈ হিচাপে চিহ্নিত হৈছে ৷

লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ মহা-প্ৰবন্ধক দিগন্ত চাংমাইক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.