ETV Bharat / state

বক্সিং ৰাণীক আদৰিবলৈ উদুলি মুদুলি বাৰমুখীয়া গাঁও - জন্মলাভ

ব্ৰঞ্জৰ পদক বিজয়ৰ পাচত বৃহস্পতিবাৰে মাতৃভূমি অসমত আহি উপস্থিত হৈছেহি অমস কন্যা লাভলীনা বৰগোঁহাই ৷ লাভলীনা অসমত উপস্থিত হৈছে যদিও জন্মলাভ কৰা বিশেষ গাঁওখনত আজি উপস্থিত নহয় ৷ 17 আগষ্টতহে স্ব-গৃহত উপস্থিত হ’বগৈ লাভলীনা বৰগোঁহাই ৷

Lovlina Borgohain
বক্সিং ৰাণীক আদৰিবলৈ উদুলি মুদুলি বাৰমুখীয়াৰ পদূলি
author img

By

Published : Aug 12, 2021, 7:58 PM IST

সৰুপথাৰ, 12 আগষ্ট : ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ গৌৰৱৰ বতৰা কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক আদৰিবলৈ উখল মাখল হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমা । সকলোৱে এতিয়া ব্যাপক তৎপৰতাৰে সাজু হৈছে বক্সাৰগৰাকীক স-সন্মানেৰে আদৰিবলৈ । মহকুমাটোৰ লগতে বৰপথাৰ নগৰৰ পৰা লাভলীনাৰ ঘৰলৈ যোৱা পথটি এতিয়া ভৰি পৰিছে লাভলীনালৈ অভিনন্দন আৰু স্বাগতম জনোৱা বেনাৰ, হৰ্ডিং আৰু তোৰণেৰে ।

ইফালে কেঁচা মাটিৰ গোন্ধত বোকা পানী খচকি ডাঙৰ দীঘল হোৱা বৰপথাৰৰ সেই বিশেষ গাঁও খনত চলিছে মৰমৰ লাভলীনাক আদৰাৰ অন্তহীন প্ৰস্তুতি । ওপজা গাঁও বাৰমুখীয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া বক্সাৰগৰাকীক আদৰিবলৈ ৰৈ আছে অতি ব্যাকুলতাৰে । লাভলীনাৰ ঘৰখনত প্ৰত্যেক দিনাই এতিয়া উখল-মাখল পৰিবেশ । গাঁওবাসীয়ে বিহু নাম গাই নাচি-বাগি ঘৰখন কৰি তুলিছে ৰঙালী বিহুৰ দিনকেইটাৰ দৰেই ।

বক্সিং ৰাণীক আদৰিবলৈ উদুলি মুদুলি বাৰমুখীয়াৰ পদূলি

লাভলীনাৰ ওপজা আপোন ঘৰখন, চিনাকী পদুলিটোৰ লগতে তামোল পাণেৰে ভৰা বাৰীখনো পৰিস্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়া কৰি তোলা হৈছে । আনহাতে লিচা আৰু লিমা দুই ভগ্নী ইতিমধ্যেই লাভলীনাৰ বাবেই নিজ কৰ্মস্থলীৰ পৰা ছুটী লৈ ঘৰত আহি উপস্থিত হৈছেহি । সৰু জীয়াৰীক চাবলৈ অতি আকুলতাৰে পদুলিলৈ বাট চাই আছে মাতৃ মামণি বৰগোহাঁয়ে ।

লগতে পঢ়কঃ লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ইপিনে এগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈৰ ঘৰলৈ যোৱা পথৰ অৱস্থা দুটামান দিনৰ আগলৈকে আছিল অতিকৈ শোচনীয় । বাৰিষাতো বাদেই, খৰালি কালতো জৰাজীৰ্ণ হৈ থাকে এই পথটি । কিন্তু স্থানীয় বিধায়ক গৰাকীৰ নিজা তৎপৰতাত লোক নিৰ্মাণ বিভাগে ক্ষীপ্ৰতাৰে কাম কৰি ইতিমধ্যে নব্বৈ শতাংশই সম্পূৰ্ণ কৰিছে পথটোৰ পকীকৰণৰ কাম ।

উল্লেখযোগ্য যে, মাত্ৰ তেইশটা বসন্ত গৰকা লাভলীনাত বিশ্বৰ বৃহৎ ক্ৰীড়া মহাৰণ অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই ভাৰতলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে ৷ অসমৰ 125 বছৰীয়া ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম লাভলীনা বৰগোহাঁইক লৈ এতিয়া সকলো গৌৰাৱান্বিত ।

এইবাৰৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতেই 17 আগষ্টৰ দিনা ওপজা ঘৰখনত ভৰি দিব বক্সাৰগৰাকীয়ে । এতিয়া মাথো অপেক্ষা আৰু অপেক্ষা কেতিয়া নিজ বাসগৃহলৈ আহিব লাভলীনা ৷

লগতে পঢ়ক: গাঁওৰক্ষীৰ সৈতে ফুৰিবলৈ গৈ অন্তঃসত্বা হ’ল কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.