কাজিৰঙা,৪ নৱেম্বৰ : অসমৰ ৰাজপথত ভিনটেজ কাৰ (Vintage car) । কাজিৰঙাত ভিনটেজ কাৰ চাবলৈ ভিৰ ৰাইজৰ । এখন দুখন নহয় ১৫ খনকৈ ৭০-৮০ দশকৰ বিলাসী বাহন লৈ বিদেশী পৰ্যটক উপস্থিত কাজিৰঙাত (Vintage car rally at Kaziranga)। বিৰল দৃশ্যৰ সাক্ষী হৈ ৰ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় লোক ।
উল্লেখ্য যে বিগত ১০ বছৰ ধৰি বেলজিয়ামৰ এটা সংস্থাই বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলীৰ আয়োজন কৰি আহিছে (Vintage car rally arrived in Assam)। এইবাৰ এছিয়া মহাদেশৰ তিনিখনকৈ দেশত আয়োজন কৰিছে আমেৰিকা আৰু ইউৰোপীয় কেইবাখনো দেশৰ সমূহীয়া এই ভিনটেজ কাৰ ৰেলী । ২৫ দিনীয়াকৈ আয়োজন কৰা ভিনটেজ কাৰ ৰেলী বৃহস্পতিবাৰে উপস্থিত হয় কাজিৰঙাত ৷
ইতিমধ্যে ভূটান ভ্ৰমণ কৰি অহা ৰেলীটো উত্তৰ-পূৱ ভাৰত ভ্ৰমণ সম্পন্ন কৰিছে । ৰেলীটো এইবাৰ বাংলাদেশ অভিমুখে ৰাওনা হ'ব ৷ ৰেলীটোত থকা বাহনসমূহৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুৱাৰ, ভলভ', পৰ্ছি আদি বিখ্যাত কোম্পানীৰ ৭০-৮০ দশকৰ বিলাসী বাহন ।
পুৰণি বিলাসী বাহন লৈ উপস্থিত হোৱা দলটোৱে কাজিৰঙাত দুদিন কটাই শ্বিলং অভিমুখে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷ ৰেলীটোত ১৫ খন ভিনটেজ কাৰৰ লগতে ২ খন BMWৰ ভিনটেজ বাইকো আছে । দলটোক নেতৃত্ব দিয়া ভাৰতৰ সমন্বয়ক জনে জানিব দিয়া মতে, এই বাহনসমূহৰ গৰাকীয়ে দীৰ্ঘসময়ৰ পৰা বাহনসমূহ অতি সযতনে ৰাখিছে ৷ প্ৰতি বছৰেই বন্ধৰ দিনত এনেদৰে পুৰণি বাহনসমূহ লৈ বেলজিয়ামৰ সংস্থাটোৰ জৰিয়তে লোকসকলে বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলীৰ আয়োজন কৰি আহিছে ৷
পুৰণি এই বাহনসমূহত আজাদী কা অমৃত মহোৎসৱ আৰু ইনক্ৰিডিব’ল ইণ্ডিয়াৰ পোষ্টাৰ লগাই অনা হৈছে । জানিব পৰা মতে ৰেলীৰ দলটোক ভাৰত চৰকাৰৰ পৰ্যটন বিভাগে সহযোগ কৰিছে । ইফালে ভিনটেজ কাৰৰ ৰেলীটো দেখি আপ্লুত হৈছে কাজিৰঙাবাসী । পুৰণি বাহনসমূহ চাবলৈ কাজিৰঙাত হেতা-ওপৰা লগাইছে বিভিন্নজনে ।
লগতে পঢ়ক :Historic Shelukia Pond: বেদখকাৰীৰ কৱলত তিনিচুকীয়াৰ শেলুকীয়া পুখুৰী