গোলাঘাট, 12 জানুৱাৰী: পুহ বাগৰি মাঘ সোমাবৰ হ’ল ৷ পুৱা গধুলি গাখীৰৰ সৰৰ দৰে কুঁৱলীৰ আচ্ছাদনে ঢাকিছে চৌদিশ ৷ আঘোণৰ পৰা আৰম্ভ হোৱা পকা ধান চপোৱা কামবোৰ লাহে লহে শেষ হৈছে ৷ পথাৰৰ লখিমীয়ে ভঁৰাল ভৰিছে ৷ চেঙেলীয়া আৰু ডেকাহঁতে পথাৰত নৰা কাটি, খৰি-খেৰ গোটাই মেজি আৰু ভেলাঘৰ সাজিছে, মাঘৰ বিহু পালেহিয়েই ৷
আগতে ভোগালী বিহু বুলিলে গাঁওখন উখল-মাখল হৈ থাকে ৷ খৰি কটাই খৰি কাটে, নৰা কটাই নৰা কাটে, কোনো কোনোৱে মেজি-ভেলাঘৰ সাজে ৷ মুঠতে ভাগে ভাগে সকলোৱে কামবোৰ গা পাতি কৰে ৷ মনত ভোগালীৰ ৰং দুগুণে চৰে ৷ কিন্তু এইবাৰ গাঁওখন একেবাৰে নিতাল নিস্তব্ধ ৷ কাৰোৰে মনত নাই মেজি-ভেলাঘৰ সজাৰ উচাহ, চুবুৰীবোৰ কঁপি উঠা নাই জীয়াৰী-বোৱাৰীৰ ঢেকীৰ ছাবত ৷ যেন মৰিশালী সদৃশ নিস্তব্ধতাৰ গ্ৰাসত গাঁওখন ৷
এয়া অস্বাভাৱিক নহয়, নতুন বছৰৰ আৰম্ভনিতে গাঁওখনৰ গঞাই মনত কমটো আঘাত পালেনে ? এটা অভিশপ্ত দোকমোকালি, গাঁওখনৰ সকলোৰে মনৰ আনন্দ-স্ফূৰ্তি মচি পেলালে সেই সূৰ্যোদয়ে ৷
আমি কৈ থকা গাঁওখন হৈছে গোলাঘাটৰ বছা ভৰলুৱা গাঁও ৷ গোলাঘাট জিলাৰ পূৱ প্ৰান্তত কলিয়াপানী আৰু খাৰজান নৈৰ মধ্যস্থলত অৱস্থিত এই বছা ভৰলুৱা ৷ আগতে হোৱা হ’লে ইমান দিনে ভোগালী উদযাপনৰ আনন্দত গাঁও তল-ওপৰ হৈ থাকিলেহেতেন, এইবাৰ পিচে তেনেকুৱা একোৱেই নাই ৷ কিয়নো নৱবৰ্ষৰ তৃতীয় দিনটোতে গাঁওখনৰ কেইবাগৰাকীও বাসিন্দাই প্ৰাণ হেৰুৱালে দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত ৷
শিশু-মহিলাসহ 49 জনীয়া দল এটাই টিলিঙা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে তিনিচুকীয়া অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল 3 জানুৱাৰীৰ দোকমোকালিতে ৷ যাত্ৰাৰ ঠিক দুঘন্টাৰ পিচতেই বালিজানত দুৰ্ঘটনাত পতিত হয় তেওঁলোক যোৱা আল্ট্ৰা বাছখন ৷ বালিজানত বিপৰীত দিশৰ পৰা অহা এখন কয়লা পৰিবাহী ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষটোত প্ৰাণ হেৰুৱালে বাছখনৰ 11 গৰাকী দুৰ্ভগীয়াই ৷ তাৰে 9 গৰাকীয়েই আছিল বছা ভৰলুৱা গাঁৱৰ ৷ এই শোকৱহ দুৰ্ঘটনাটোত আহতও হয় 30 গৰাকীৰো অধিক যাত্ৰী৷ বহুকেইগৰাকী এতিয়াও চিকিৎসাধীন হৈয়েই আছে ৷
সেইদিনা বছা ভৰলুৱাত একেলগে জ্বলিছিল 11 খন চিতা ৷ অতিকৈ হৃদয় বিদাৰক আছিল সেই দৃশ্য ৷ কোনোবাই স্বামী, কোনোবাই পত্নী, আন কোনোৱে পুত্ৰ-বোৱাৰী-জী-নাতিনীক চিৰদিনলৈ হেৰুৱালে এই দুৰ্ঘটনাত ৷ বিহুতেই তেওঁলোকৰ আদ্যশ্ৰাদ্ধও, সেয়েহে গাঁওখনত এইবাৰ নাই ভোগালীৰ উচাহ ৷
এইবাৰ বছা-ভৰলুৱাত মাঘৰ মেজি নজ্বলে ৷ কিয়নো 11 খন চিতাৰ জুই এতিয়াও গাঁওবাসীৰ বুকুত-চকুত অহৰহ দকমকাই জ্বলি আছে ৷ উৰুকাৰ আগদিনা তেওঁলোকে এই 11 গৰাকী লোকৰ আদ্যশ্ৰাদ্ধহে পালন কৰিব ৷ বছা-ভৰলুৱাৰ গঞাই তিনি জানুৱাৰীৰ সেই অভিশপ্ত দোকমোকালিটোৰ কথা মনত পৰিলে এতিয়াও উচপ খাই উঠে ৷ যাৰ বাবে ভোগালীৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান পৰিছে গাঁওখনত ৷
লগতে পঢ়ক: গোলাঘাটৰ বছা-ভৰলোৱা গাঁৱত একেলগে জ্বলিল ১১ খন চিতা