ETV Bharat / state

খুমটাই আদৰ্শ চিকিৎসালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান - খুমটাই ৰাজহ চক্ৰ

বিগত দুমাহৰ পূৰ্বে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই মুকলি কৰিছিল খুমটাই আদৰ্শ চিকিৎসালয় । কিন্তু আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ পূৰ্বে নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত কৰিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে

খুমটাই আদৰ্শ চিকিৎসালয়ত অভিযান
author img

By

Published : Aug 23, 2019, 10:57 AM IST

গোলাঘাট, 23 আগষ্টঃ খুমটাই আদৰ্শ চিকিৎসালয়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ অভিযান । খুমটাই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ উন্নত চিকিৎসাৰ বাবে প্ৰতিষ্ঠা কৰা খুমটাই আদৰ্শ চিকিৎসালয়ত দুৰ্নীতিৰ তদন্ত কৰি অভিযান চলাই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষে । উল্লেখ্য যে, বিগত দুমাহৰ পূৰ্বে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই মুকলি কৰিছিল খুমটাই আদৰ্শ চিকিৎসালয় । কিন্তু আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ পূৰ্বে নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত কৰিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে । কিয়নো চিকিৎসালয়খন শুভাৰম্ভ নকৰাৰ পূৰ্বে এজাক বৰষুণ দিলেই চিকিৎসালয়খনৰ পকি চাদেৰে নিগৰি অহা পানীৰে ভৰি পৰিছিল মজিয়া । বেৰবোৰত দেখিবলৈ পোৱা গৈছিল চিৰাল ফাট ৷ ইয়াৰোপৰি চিকিৎসালয় খনৰ দুৱাৰ খিৰিকী সমূহো অতি নিম্ন মানদণ্ডৰ নিৰ্মাণৰ অভিযোগ উঠে । এই কাৰ্যৰ বিৰোধিতা কৰি সেই সময়ত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কৰি কোনো ধৰণৰ সুফল নোপোৱাত অৱশেষত আইনৰ কাষ চাপিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববিয়া সকল ।

খুমটাই আদৰ্শ চিকিৎসালয়ত অভিযান

পৰবৰ্তী সময়ত খুমটাই ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত চিকিৎসালয় খনৰ নিৰ্মাণৰ তদন্ত কৰি চিকিৎসালয়খন নিম্ন মানদণ্ড বুলি প্ৰমাণ হয় ৷ ইয়াৰ পিছতেই গোলাঘাট প্ৰশাসনে কাৰিকৰী সমিতি গঠন কৰি এক তদন্ত আৰম্ভ কৰিছিল । দল সংগঠনে চিকিৎসালয়খন নিম্ন মানদণ্ডৰ নিৰ্মাণৰ দুৰ্নীতি অভিযোগ উত্থাপন কৰিছিল সেই সময়ৰ স্বাস্থ্য যুটীয়া সঞ্চালক অবনি বৰঠাকুৰ আৰু এন আৰ এছ এমৰ অভিযন্তা অমৃত নেওগৰ বিৰুদ্ধে । ঠিকাদাৰৰ লগত গোপন বুজাবুজি কৰি চিকিৎসালয়খন বিভাগে নিম্নমানৰ নিৰ্মাণৰ অভিযোগ থকাৰ স্বতেও চমজি লোৱাৰ বিৰুদ্ধে খুমটাই আৰক্ষী চকীত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ ভিত্তিত তথা দল সংগঠনৰ প্ৰতিবাদ স্বৰূপে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষে শুকুৰবাৰে তদন্ত চলাই খুমটাই আদৰ্শ চিকিৎসালয়ত । কিন্তু এই তদন্তৰ সময়ত সাংবাদিকৰ পৰা এৰাই চলে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ বিষয়ববীয়াই । সাংবাদিক থাকিলে তদন্ত নকৰাৰো সকিয়নী চক্ৰৱৰ্তী উপাধিৰ এজন মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ বিষয়াৰ । মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ তদন্তক এক নাটক বুলি আখ্যা দিছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে । প্ৰায় ৬ কোটি টকাৰে আৱন্টন লাভ কৰা চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ পৰা বিভাগক চমজাই দিয়ালৈকে স্বাস্থ্য যুটীয়া সঞ্চালক আৰু অভিযন্তা গৰাকী ঠিকাদাৰ মুন্নাফ আহমেদৰ লগত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপিত হৈছে ।

Intro:খুমটাই আৰ্দশ চিকিৎসালয়ত
মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ তদন্তক নাটকৰ আখ্যা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ।Body: খুমটাই আদৰ্শ চিকিৎসালয়ত মুখ্যমন্ত্ৰী
দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ অভিযান। খুমটাই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ উন্নত চিকিৎসাৰ বাবে প্ৰতিষ্ঠা কৰা খুমটাই আদৰ্শ চিকিৎসালয়ত দুৰ্নীতিৰ তদন্ত কৰি অভিযান চলাই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষে। যোৱা দুমাহৰ পূৰ্বে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই মুকলি কৰিছিল খুমটাই আদৰ্শ চিকিৎসালয়। কিন্তু আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ পূৰ্বে নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত কৰিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে। উল্লেখ্য যে, চিকিৎসালয়খন শুভাৰম্ভ নকৰাৰ পূৰ্বে এজাক বৰষুণ দিলেই চিকিৎসালয়খনৰ পকি চাদেৰে নিগৰি অহা পানীৰে মজিয়া ভৰি পৰিছিল। নিৰ্মাণৰ কেইদিনমানৰ পিছতেই চিকিৎসালয়খনৰ বেৰ চিৰাল ফাট দিছিল। ইয়াৰোপৰি চিকিৎসালয় খনৰ দুৱাৰ খিৰিকী সমূহো অতি নিম্ন মানদণ্ডৰ নিৰ্মাণৰ অভিযোগ উঠিছিল। এই কাৰ্যৰ বিৰোধিতা কৰি সেই সময়ত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদ কৰি কোনো ধৰণৰ সুফল নোপোৱাত অৱশেষত আইনৰ কাষ চাপিছিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববিয়া সকল। পৰবৰ্তী সময়ত খুমটাই ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত চিকিৎসালয় খনৰ নিৰ্মাণৰ তদন্ত কৰি চিকিৎসালয়খন নিম্ন মানদণ্ড বুলি প্ৰমাণ হৈছিল, ইয়াৰ পিছতেই গোলাঘাট প্ৰশাসনে কাৰিকৰী সমিতি গঠন কৰি এক তদন্ত আৰম্ভ কৰিছিল। দল সংগঠনে চিকিৎসালয়খন নিম্ন মানদণ্ডৰ নিৰ্মাণৰ দুৰ্নীতি অভিযোগ উঠাইছিল সেই সময়ৰ স্বাস্থ্য যুটীয়া সঞ্চালক অবনি বৰঠাকুৰ আৰু এন আৰ এছ এমৰ অভিযন্তা অমৃত নেওগৰ বিৰুদ্ধে। ঠিকাদাৰৰ লগত গোপন বুজাবুজি কৰি চিকিৎসালয়খন বিভাগে নিম্নমানৰ নিৰ্মাণৰ অভিযোগ থকাৰ স্বতেও চমজি লোৱাৰ বিৰুদ্ধে খুমটাই আৰক্ষী চকীত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিত তথা দল সংগঠনৰ প্ৰতিবাদ স্বৰূপে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষে আজি এক তদন্ত চলাই খুমটাই আদৰ্শ চিকিৎসালয়ত। কিন্তু এই তদন্তৰ সময়ত সাংবাদিকৰ পৰা এৰাই চলে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ বিষয় ববীয়াই। সাংবাদিক থাকিলে তদন্ত নকৰাৰো সকিয়নী দিছিল চক্ৰৱৰ্তী উপাধিৰ এজন মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ বিষয়ায়ে। এই সমূহলৈ চাই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ তদন্তক এক নাটক বুলি আখ্যা দিছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰায় ৬ কোটি টকাৰে আৱন্টন লাভ কৰা চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ পৰা বিভাগক চমজাই দিয়ালৈকে স্বাস্থ্য যুটীয়া সঞ্চালক আৰু অভিযন্তা গৰাকী ঠিকাদাৰ মুন্নাফ আহমেদৰ লগত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এতিয়া লক্ষণীয় বিষয়টো হৈছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক তদাৰকী কোষৰ তদন্তত চিকিৎসালয়খনে সঠিক ন্যায় পাবনে ? নে মুখ্যমন্ত্ৰীৰ এই তদন্তকাৰী বিভাগটো ও ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগটোৰ হাতৰ পুতুলা হৈ পৰিব।Conclusion:Byte. 1/ তদন্তকাৰী বিষয়া।

2/ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.