ETV Bharat / state

Mother son tragic death: পুত্ৰৰ মৃত্য়ু সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে মাতৃয়ে - Unable to bear her son death

24 ঘণ্টাত একেখন ঘৰৰ পৰা ওলাল দুখনকৈ চিতা ৷ পুত্ৰৰ অকাল মৃত্যু সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে মাতৃয়ে ৷ গোলাঘাট জিলাৰ ঠেঙালগাঁৱত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷

Mother son tragic death
পুত্ৰৰ মৃত্য়ু সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে মাতৃয়ে
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 4:48 PM IST

পুত্ৰৰ মৃত্য়ু সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে মাতৃয়ে

গোলাঘাট, 10 নৱেম্বৰ : নৈৰ সমান বব কোন, আইৰ সমান হ’ব কোন....পুত্ৰৰ অকাল মৃত্যু সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে মাতৃয়ে ৷ গোলাঘাট জিলাৰ ঠেঙালগাঁৱত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ 24 ঘণ্টাত একেখন ঘৰৰ পৰা ওলাল দুখনকৈ চিতা ৷

ঘটনাৰ বিৱৰণী অনুসৰি গোলাঘাট জিলাৰ খুমটাইৰ কচুপথাৰত বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ কচুপথাৰ চাৰিআলিৰ সমীপত ধোদৰআলিত এক বাইক দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি লয় এজন যুৱকে ৷ কমাৰগাঁও দিশৰ পৰা অহা AS05 G8381 নম্বৰৰ ছুপাৰ স্প্লেণ্ডাৰ বাইকখনে নিৰ্মাণৰ কাম চলি থকা ধোদৰআলিৰ বেৰিকেডত খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় বাইক আৰোহী যুৱকজন ৷ মৃত যুৱকজন ঠেঙালগাঁৱৰ ৰাহুল ঠেঙাল(33) বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পিচতে শুকুৰবাৰে খুমটাইত পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই মৃত্যু হয় মাতৃৰো ৷ যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতেই পুৱতি নিশা ইহসংসাৰ ত্যাগ কৰে মাতৃয়ে । পুত্ৰৰ অকস্মাৎ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি মাতৃৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।

জানিব পৰামতে, বুৰঞ্জী প্ৰসিদ্ধ ধোদৰআলিৰ বহলীকৰণৰ কাম কৰি থকা অনুপম প্ৰাইভেট লিমিটেড নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৰ গাফিলতিৰ বাবে নিশা দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু সাৱটি লৈছিল ৰাহুলে। যাতায়াতৰ বাবে দিয়া সাংকেতিক চিহ্ন ধৰিব নোৱাৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

ইফালে এই সমগ্ৰ ঘটনাৰ মৃত্যু হোৱা ৰাহুল ঠেঙালৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ আৰু অনুপম প্ৰাইভেট লিমিটেড নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জিলা আয়োক্তক স্মাৰক পত্ৰ প্ৰধান কৰে। শুকুৰবাৰে সম্পাদক বিশ্বজিৎ গগৈৰ নেতৃত্বত এটা ৫ জনীয়া দলে জিলা আয়োক্তক স্মাৰক পত্ৰ দান কৰি অতি সোনকালে যুৱকৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে, অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: Mega projects : অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ; বৃদ্ধি নিৰ্মাণ ব্যয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.