ETV Bharat / state

বোকাখাতত নিশা দুটাকৈ পৃথক ঘটনাত আহত দুই - Two people injured in Bokakhat

বোকাখাতত মঙলবাৰে নিশা দুটা পৃথক ঘটনাত গুৰুতৰ ভাৱে আহত দুজন লোক (Two people injured in Bokakhat)। আহত লোক দুজনৰ ঘৰ মাজুলীত । আহত দুয়োজন লোকক বোকাখাত ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Two people injured in Bokakhat
বোকাখাতত নিশা পৃথক ঘটনাত আহত দুই
author img

By

Published : Oct 5, 2022, 1:45 PM IST

বোকাখাত, ৫অক্টোবৰ: নৱমীৰ উল্লাসৰ মাজতে বোকাখাতত মঙলবাৰে নিশা দুটা পৃথক (Road accident at Bokakhat) দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় দুজনকৈ লোক । উক্ত দুৰ্ঘটনাত আহত লোক দুজনৰ ঘৰ মাজুলীত । আহত লোক দুজন হৈছে (One people beaten by unknown person at Bokakhat) ৰহিম আলী আৰু খগেশ্বৰ বনিয়া ।

উল্লেখ্য় যে খগেশ্বৰ বনিয়া নামৰ লোকজনে মঙলবাৰে তেজপুৰৰ পৰা মাজুলীলৈ গৈ থকাৰ অৱস্থাত বোকাখাতত গাড়ীৰ পৰাই অন্তৰ্ধান হৈছিল । কিছু পৰিমাণে মানসিক অসুস্থতাত ভুগি থকা লোকজন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত বনিয়াৰ ভাতৃয়ে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছিল । বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ সমীপত কোনো অচিনাক্ত গাড়ীয়ে খুন্দিয়াই থৈ যায় লোকজনক । আৰক্ষীয়ে এই ঘটনাৰ খবৰ পোৱাৰ পাছত আহত বনিয়াক উদ্ধাৰ কৰি বোকাখাত চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে ।

বোকাখাতত নিশা পৃথক ঘটনাত আহত দুই

পূজাৰ উল্লাহত সকলো ব্যস্ত হৈ থকাৰ সময়তে বোকাখাতৰ ম'হমাইকী গাঁৱৰ পথত কোনো লোকে ৰহিম আলী নামৰ লোকজনক অচিন লোকে মাৰপিট কৰি পেলাই থৈ যায় । পিছত স্থানীয় লোকে বোকাখাত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে লোকজনক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে । জুলীৰ নিবাসী ৰহিমে বহুদিনৰে পৰা বোকাখাতত এজন লোকৰ গাড়ীৰ চালক হিচাপে কাম কৰি আছিল । আহত দুয়োজন লোকক বোকাখাত ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত (Shaheed Kamala Miri Civil Hospital) চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

লগতে পঢ়ক:বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.