সৰুপথাৰ, 13 ছেপ্তেম্বৰ: গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া বৰপথাৰ আৰক্ষী থানাৰ(Barpathar Police Station) অন্তৰ্গত শিমলুচাপৰিত দেওবাৰে নিষিদ্ধ ড্ৰাগছ(Drugs)সহ দুজন যুৱকক আটক ৷ ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ পম খেদি আটক কৰে যুৱক দুজনক ৷
আটকাধীন যুৱক দুজনৰ পৰা প্ৰায় 25.64 গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰা হয় ৷ ধৃত যুৱক দুজন বৰপথাৰৰ শান্তিপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলনিজানৰ ভীমা পানিকা (36) আৰু নন্দ মুড়া(37) বুলি জানিব পৰা গৈছে । ড্ৰাগছৰ উপৰিও যুৱক দুজনৰ পৰা দুটা প্লাষ্টিকৰ টেমা, দুটা ম’বাইল ফোন, এখন AS-09 G-0605 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷
সম্প্ৰতি দুই ধৃত যুৱকক জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: যোগদলত হত্যাকাণ্ড : হত্যা কৰি গাঁতত পুতি থ’লে মৃতদেহ