গোলাঘাট,16 ছেপ্তেম্বৰঃ গোলাঘাট হামদৈ পথাৰত হামদৈ হোটেলৰ পিছফালৰ পিটনিত উদ্ধাৰ কাছ। হামদৈ হোটেলৰ কৰ্মচাৰীয়ে কাছটো পিটনিৰ সমীপৰ পথটোৰ ওপৰে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে কোনো দুস্কৃতি কাৰীয়ে হানি বিঘিনি ঘটোৱাৰ পূৰ্বে হোটেলৰ কৰ্মচাৰীয়ে প্ৰায় ৪০ কেজি ওজনৰ কাছটো উদ্ধাৰ কৰি গোলাঘাট বনবিভাগক চমজাই দিয়ে।
ইপিনে হামদৈ হোটেল কৰ্মচাৰী আৰু হোটেল কৰ্তৃপক্ষই বন বিভাগৰ সহযোগত গোলাঘাট জিলাৰ ঐতিহাসিক আঠখিলীয়া নামঘৰৰ বৰপুখুৰীত কাছটো সংৰক্ষণ কৰা ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য যে,যি সময়ত একাংশই বন্য উল্লাস কৰাৰ লগতে এনে জীৱ জন্তুৰ মাংস ভক্ষণ কৰি আহিছে তেনে সময়ত হোটেল কৰ্তৃপক্ষ তথা কৰ্মচাৰী সকলে অন্য এক নিৰ্দশন দাঙি ধৰিলে ।
