গোলাঘাট, 24 নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সফল ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসংখ্য লোকে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক দি যোৱা সু-শাসন কোনেও পাহৰিব নোৱাৰে ৷
![as_glt_tributes_to_tarun_gogoi_vis_as10024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-803-24nov-tarungogoisradhanjali-vis-as10024_24112020185251_2411f_1606224171_769.jpg)
মঙলবাৰে খুমটাই চাহ বাগিছা সংঘ, খুমটাই মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু স্থানীয় ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ খুমটাই চাহ বাগিচা দূর্গা মন্দিৰৰ প্ৰাঙ্গনত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰি প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
উল্লেখ্য যে, প্ৰয়াত নেতা গৰাকী অকল ৰাজনীতিবিদেই নহয় অসমৰ এগৰাকী অভিভাৱক বুলি অভিহিত কৰে স্থানীয় ৰাইজে ৷ প্ৰায় শতাধিক লোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক স্মৰণ কৰে ৷
লগতে পঢ়ক:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো তৰুণ গগৈলৈ দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি