ETV Bharat / state

দেৱাশীষ গগৈলৈ গোলাঘাটত শ্ৰদ্ধাঞ্জলি - golaghat

গোলাঘাট নগৰৰ বাটা পইণ্টত বন্তি প্ৰজ্বলন কৰি টাই আহোম ছাত্র সন্থাৰ লগতে বহুকেইটা দল সংগঠনে দেৱাশীষ জ্যোতি গগৈক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাক দল সংগঠনসমূহে গৰিহণা জনায় ।

দেৱাশীষ গগৈলৈ গোলাঘাটত শ্ৰদ্ধাঞ্জলি
দেৱাশীষ গগৈলৈ গোলাঘাটত শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jun 1, 2020, 10:12 PM IST

গোলাঘাট, 1 জুনঃ মৰিয়নীৰ গাভৰুত নৃশংসভাৱে হত্যা কৰা দেৱাশীষ জ্যোতি গগৈক গোলাঘাটত সোমবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । গোলাঘাট নগৰৰ বাটা পইণ্টত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট টাই আহোম ছাত্র সন্থাৰ লগতে বহুকেইটা দল সংগঠনে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতেই বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাক গৰিহণা জনাই দল সংগঠনসমূহে ।

দেৱাশীষ জ্যোতি গগৈলৈ গোলাঘাটত শ্ৰদ্ধাঞ্জলি

উল্লেখযোগ্য যে, পিতৃ আৰু ভগ্নীৰ সন্মূখতে এদল উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল দেৱাশীষ গগৈক। ঘটনাৰ পিছতে তীব্ৰ উত্তেজনা সৃষ্টি হৈছিল সমগ্র মৰিয়নী অঞ্চলত । অভি-নীল, ঝংকাৰ শইকীয়া, সনাতন ডেকাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হৈছিল মৰিয়নীত । সামান্য কথাত এনেদৰে এজন যুৱকক নৃশংসভাৱে হত্যা কৰা দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছিল বিভিন্নজনে । গোলাঘাটতো টাই আহোম ছাত্র সন্থা আৰু বিভিন্ন দল সংগঠনে ঘটনাৰ লগত জড়িত লোকসকলক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ যোগেদি কঠোৰতম শাস্তিৰ দাবী জনায়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.