গোলাঘাট, 22 নৱেম্বৰ : বহু বিতৰ্ক তথা জল্পনা কল্পনাৰ অন্তত দেওবাৰে পুনৰ আৰম্ভ হ'ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা । উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ মাজতেই আজি পুনৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ লিখিত পৰীক্ষাত পুনৰ অৱৰ্তীণ হয় ৰাজ্যৰ লাখ লাখ নিৱনুৱা যুৱক যুৱতী ৷

গোলাঘাটতো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি অনুষ্ঠিত কৰা হৈছে এই লিখিত পৰীক্ষা। গোলাঘাটৰ পৰীক্ষা কেন্দ্ৰসমূহত নিজে উপস্থিত থাকি নিৰীক্ষণ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) জি পি সিঙে । পৰীক্ষাৰ্থীসকলকো তন্ন তন্নকৈ তালাচী চলোৱাৰ লগতে প্ৰমাণপত্ৰ সমূহ পৰীক্ষণ কৰে কৰ্তব্যৰত আৰক্ষীৰ লোকসকলে ।

লগতে পঢ়ক: লামডিঙ-নগাওঁ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নিহত এজন