ETV Bharat / state

কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

author img

By

Published : Aug 30, 2021, 4:22 PM IST

লুইতৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যান খনৰ প্ৰায় ৭৫% অঞ্চল এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলাইছে । সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ যাতায়াতত শেনচকু ৰখাৰ উদ্দেশ্যে মুকলি কৰিছে টাইম কাৰ্ড ব্যৱস্থা ৷

time-card-in-kaziranga-national-park-to-control-animal-death
কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

বোকাখাট, 30 আগষ্ট : সম্প্ৰতি ভদীয়া বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যান খনৰ প্ৰায় ৭৫% অঞ্চল এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলাইছে । উদ্যানখনৰ জীৱকূলৰ সুৰক্ষাৰ খাতিৰত দেওবাৰৰে পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাখাতৰ বৰজুৰিৰ পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰি লৈকে উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে । ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ 32 টা বন শিবিৰৰ ভিতৰত 24 টাই সম্প্ৰতি বানত বুৰ গৈছে ।

কাজিৰঙাত বান

একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি, কঁহৰা আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১৫৫ টা বন শিবিৰৰ ৭৬ টা বন শিবিৰেই ভদীয়া বানত বুৰ গৈছে । ইফালে পাছিঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱালৈ লক্ষ্য কৰি অনাগত দুই এদিনত ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰো সম্ভাৱনাই দেখা দিছে ।

Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য কৰ্তৃপক্ষৰ

উল্লেখযোগ্য যে, এইবেলি বাৰিষাৰ প্ৰথমচোৱা সময়ত বৰষুণৰ মাত্ৰা তুলনামূলকভাৱে যথেষ্ট কম আছিল ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত বৰষুণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰকে ধৰি আন আন নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰে ৷ সেয়ে এতিয়া ভদীয়া বানৰ কৱলত পৰিছে সমগ্ৰ ৰাজ্য ৷

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱা মানেই ৰাজ্যবাসীলৈ একপ্ৰকাৰৰ অশনি সংকেটৰ আগমন ৷ লুইতৰ বাঢ়নী পানীয়ে ইতিমধ্যে ৰাজ্যৰ বহু অঞ্চল বুৰাই পেলাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো স্পৰ্শ কৰিছে লুইতৰ বাঢ়নী পানীয়ে ৷ বলীয়া বানৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাৰে উদ্যানখনৰ জীৱ-জন্তুই ঢাপলি মেলে সমীপতে থকা বুঢ়াপাহাৰ বনাঞ্চলৰ কাৰ্বি পাহাৰৰ দিশে ৷

কিন্তু প্ৰতিবাৰে উদ্যানখনৰ মাজেৰে পাৰ হোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰে একাধিক বন্য জীৱ ৷ এইবেলিও উদ্যানখনৰ কেইবাটাও বন শিবিৰ বুৰ গৈছে বানত ৷ সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ যাতায়াতত শেনচকু ৰখাৰ উদ্দেশ্যে মুকলি কৰিছে টাইম কাৰ্ড ব্যৱস্থা ৷

এই টাইম কাৰ্ড অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হওতে প্ৰতিখন বাহনে সৰ্বাধিক 40 কিল’মিটাৰ বেগত চলাব পাৰিব গাড়ী ৷ নিৰ্ধাৰিত speed limit ভংগ কৰিলে বাহনৰ গৰাকীয়ে ভৰিব লাগিব নুন্যতম 5,000 টকাৰ জৰিমনা ৷ উদ্যানখনত বাস কৰা জীৱ-জন্তুৰ মৃত্যু ৰোধ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই উদ্যান কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক : SDRF ৰ নাৱেৰে বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.