ETV Bharat / state

বোকাখাত আৰক্ষীৰ অভিযানত জব্দ তিনিখন বাহনসহ ২৭ টা গৰু

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা (Cattle smuggling in Assam) ৷ শনিবাৰে তিনিখনকৈ গৰুভৰ্তি বাহন জব্দ কৰে বোকাখাত আৰক্ষীয়ে ৷

বোকাখাত আৰক্ষীৰ অভিযানত জব্দ তিনিখন বাহনসহ ২৭ টা গৰু
বোকাখাত আৰক্ষীৰ অভিযানত জব্দ তিনিখন বাহনসহ ২৭ টা গৰু
author img

By

Published : Jun 18, 2022, 12:27 PM IST

বোকাখাত,১৮ জুন: নিত্য নতুন কৌশলৰে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়(Cattle smuggling in Assam) । সোমবাৰে তিনিখনকৈ গৰুভৰ্তি বাহন জব্দ কৰে বোকাখাত আৰক্ষীয়ে ৷ লগতে আটক কৰে সাতজন চোৰাং ব্যৱসায়ীক(Cattle Smugglers arrested at Bokakhat) ৷ জব্দ কৰে তিনিখন বাহনসহ ২৭টা গৰু ।

বোকাখাত আৰক্ষীৰ অভিযানত জব্দ তিনিখন বাহনসহ ২৭ টা গৰু

শনিবাৰে পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি মুঠ ২৭ টা গৰু চোৰাংভাৱে নি থকাৰ অৱস্থাত বোকাখাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত গৰুভৰ্তি বাহন কেইখনৰ নম্বৰ AS02 CC1165, AS02 CC7234, AS02 CC7317 । আনহাতে আটক কৰে বাহনকেইখনৰ চালকসহ মুঠ সাতজন লোকক ।

উল্লেখ্য যে, যোৰহাট, দেৰগাঁও আৰু নুমলীগড়ৰ বিহৰাৰ পৰা নগাঁও অভিমুখে নি থকা অৱস্থাত জব্দ কৰে গৰুসহ বাহন তিনিখন । বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এনেদৰে প্ৰতিদিনেই গৰুৰ চোৰাং সৰবৰাহ চলে বুলি অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে । সৰবৰাহকাৰীয়েও নিতৌ অভিনৱ কৌশলেৰে আৰক্ষীৰ নাকৰ তলেৰেই গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: বান বিভীষিকাৰ মাজতে ৰাজ্য়জুৰি কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.